ETV Bharat / state

প্ৰমোদ বড়োৱে দায়িত্ব লৈ পালন নকৰাত আমি খোৱা-বোৱাত কষ্ট পাইছো : এম বাথা

বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ওপৰত ক্ষোভ প্ৰকাশ এম বাথাৰ (M Batha unhappy with Promod Boro) ৷ প্ৰমোদ বড়োৱে নিজে খোৱা-লোৱাৰ দায়িত্ব লৈ এতিয়া দায়িত্ব পালন নকৰাৰ অভিযোগ বাথাৰ ৷

author img

By

Published : Dec 19, 2021, 9:28 PM IST

M Batha on food shortage in NLFB camp
প্ৰমোদ বড়োৱে দায়িত্ব লৈ পালন নকৰাত আমি খোৱা-বোৱাত কষ্ট পাইছো : এম বাথা

কোকৰাঝাৰ, ১৯ ডিচেম্বৰ : এনডিএফবিৰ প্ৰাক্তন দুধৰ্ষ নেতা তথা বৰ্তমানৰ এনএলএফবি নেতা বিনোদ মুছাহাৰী ওৰফে এম বাথা(NLFB leader M Batha) মূলসূঁতিলৈ ঘূৰি অহাৰ পিছত NIAৰ বিশেষ আদালতে বাথাক পলাতক ঘোষণা কৰাৰ উপৰিও আদালতত হাজিৰ হবলৈ চমন জাৰি কৰে ৷ ইয়াৰ পিছতে ৰবিবাৰে এম বাথাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সম্প্ৰতি কোকৰাঝাৰ ডেজিগনেটেট কেম্পত থকা এম বাথাই নিয়াৰ চমন জাৰী হোৱাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমাধ্যমৰ আগত কয় যে, ''মোক ধৰাৰ পূৰ্বে ফেৰেংগা, বিদাই আৰু চাওৰাইগৌৰাক ধৰক ''।

তেওঁ পুনৰ কয় যে, ''এয়া ২০১৫ চনৰ কেচ আৰু সেইসময়ত মই বেমাৰত আছিলো । সিহঁতক হে ধৰিব লাগে, সিহঁতে শান্তি চুক্তি কৰিছে, শান্তি চুক্তি মতে গোচৰ প্ৰত্যাহাৰ হ’ব লাগে । অকল মোক কিয় নিৰ্যাতন কৰি থাকে, সিহঁতক আগত ধৰক । বৰ্তমান মই এনএলএফবি হিচাপে ডেজিগনেটেট কেম্পত আছো । মুখ্যমন্ত্ৰীয়ে ভালদৰে থাকিব কৈছে, আমিও ভালদৰে আছো কিন্তু খোৱা-লোৱাৰ অভাৱ হৈছে''( M Batha on food shortage in NLFB camp) ৷

বাথাৰ অভিযোগ মতে, ৰাজ্য চৰকাৰে খোৱা-লোৱাৰ খৰছ বহন কৰিব বিচাৰিছিল ৷ কিন্তু বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো(BTR chief Pramod Boro)ৱে খোৱাৰ দায়িত্ব নিজে লৈছিল যদিও এতিয়া প্ৰমোদ বড়োৱে তেওঁলোকক খাব নিদিয়ে । প্ৰমোদ বড়োৰ ওপৰত ক্ষুব্ধ হৈ এম বাথাই কয় যে, প্ৰমোদ বড়োৱে এতিয়া তেওঁলোকক খাব নিদিয়ে কিন্তু কিমানদিন ? তিনিবছৰ পিছত নতুন চৰকাৰ হ’ব, তেতিয়া কিবা নহয় কিবা এটা হ’ব (M Batha is unhappy with Pramod Boro) ।

ইয়াৰোপৰি, চৰকাৰৰ সতে আলোচনা চলি আছে বুলি জানিবলৈ দি অহা জানুৱাৰীত কিবা এটা ভাল হ’ব বুলি আশা প্ৰকাশ কৰিছে একালৰ দুধৰ্ষ উগ্ৰপন্থী নেতা বিনোদ মুছাহাৰী ওৰফে এম বাথাই । উল্লেখ্য যে, নিয়াৰ বিশেষ আদালতে ৫/১৫ নং গোচৰৰ ভিত্তিত এম বাথাক গুৱাহাটীৰ নিয়াৰ বিশেষ আদালতত কালি অৰ্থাৎ ১৮ ডিচেম্বৰত হাজিৰ হ’বলৈ বাতৰি কাকত যোগে বিজ্ঞাপন প্ৰকাশ কৰিছিল ।
লগতে পঢ়ক : কংগ্ৰেছৰ ৭০ % মানুহ বাংলাদেশী মূলৰ : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.