কোকৰাঝাৰ,17 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি অব্যাহত আছে লক ডাউন ৷ লক ডাউনৰ ফলত বাৰুকৈয়ে প্ৰভাৱ পৰিছে ৰাজ্যৰ কৃষিখণ্ডত ৷ তাৰেই প্ৰমাণ তামোল উৎপাদনৰ ক্ষেত্ৰত অসমৰ ভিতৰতে বিখ্যাত কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা ৷ লকডাউনৰ ফলত সৰলপাৰাত ইতিমধ্যে পচিবলৈ আৰম্ভ কৰিছে তামোল ৷ উল্লেখযোগ্য যে,এই অঞ্চলৰ তামোল প্ৰতিবছৰেই বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান,বাংলাদেশত ৰপ্তানি হৈ আহিছে ৷ কিন্তু লক ডাউনে যেন এতিয়া জুৰুলা কৰি পেলাইছে তামোল খেতিৰ লগত জড়িত অঞ্চলটোৰ কৃষকসকলক ৷ এতিয়া তাকে লৈ চিন্তিত হৈ পৰিছে কৃষকসকলক ৷ চৰকাৰ-প্ৰশাসনক শীঘ্ৰেই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও অনুৰোধ জনাইছে সৰলপাৰাৰ কৃষক ৰাইজে ৷
লগতে পঢ়কঃযোৰহাটত আৰ্তজনৰ কাষত এজন আৰক্ষী বিষয়া