ETV Bharat / state

পশ্চিম দুৰামাৰিত ভূমি বিবাদ : আহত গাঁওবুঢ়াসহ চাৰিজন

author img

By

Published : May 30, 2021, 7:53 AM IST

Updated : May 30, 2021, 9:04 AM IST

কোকৰাঝাৰৰ পশ্চিম দুৰামাৰিত ভূমিক কেন্দ্ৰ কৰি ভয়ংকৰ সংঘাত ৷ শনিবাৰে কোকৰাঝাৰ জিলাৰ পশ্চিম দুৰামাৰিত নৈৰ কাষৰ এখন চৰণীয়া পথাৰত মাটি চহোৱাক কেন্দ্ৰ কৰি দুইপক্ষৰ মাজত ভয়ংকৰ সংঘাতৰ সৃষ্টি হয় ৷ সংঘাতৰ ফলত দুৰামাৰিৰ 2নং থালিটবাৰী গাঁৱৰ গাঁওবুঢ়াসহ চাৰিজন লোক গুৰুতৰভাৱে আহত হয় ৷

Land dispute in West Duramari: Four including injured villagers
পশ্চিম দুৰামাৰিত ভূমি বিবাদ:আহত গাঁওবুঢ়াসহ চাৰিজন

কোকৰাঝাৰ, 30 মে': শনিবাৰে কোকৰাঝাৰ জিলাৰ বালাজান উপ আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম দুৰামাৰিত সৃষ্টি হয় এক ভয়ংকৰ সংঘৰ্ষ ৷ দুৰামাৰিৰ নৈৰ কাষৰ এখন চৰণীয়া পথাৰত মাটি চহোৱাক কেন্দ্ৰ কৰি দুইপক্ষৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষই ভয়ংকৰ ৰূপ লয় ৷ দুয়ো পক্ষৰ মাজত সংষ্টি হোৱা হতাহতিত গাঁওখনৰ গাঁওবুঢ়াকে ধৰি চাৰিগৰাকীকৈ ব্যক্তি গুৰুতৰভাৱে আহত হয় । ঘটনা অনুসৰি, নৈপৰীয়া এডোখৰ মাটিত স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা গৰু-ছাগলী এৰাল দি আহিছিল । গোমাট হিচাপে ব্যৱহৃত উক্ত ঠাইডোখৰত শনিবাৰে নুৰু শ্বেখ নামৰ লোকজনৰ নেতৃত্বত এটা দলে ট্ৰেক্টৰেৰে মাটি চহাবলৈ লয় ৷ মাটি চহোৱাত স্থানীয় ৰাইজে বাধা প্ৰদান কৰাত সংঘাতৰ সূত্ৰপাত হয় ৷

উল্লেখ্যে যে, দুয়োপক্ষৰ মাজত হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণত চাৰিগৰাকীকৈ লোক আহত হয় । আহত লোকসকল হ'ল ক্ৰমে-2 নং থালিটবাৰী গাঁৱৰ গাঁওবুঢ়া সুৰজ আলী মণ্ডল, শুকুৰ আলী শ্বেখ, ইয়াছিন আলী আৰু আছান আলী । ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই সংঘৰ্ষত দুয়োপক্ষৰ বহু লোকে উপস্থিত হোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে । অৱশ্যে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে বালাজান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এ.ৰহমানসহ আৰক্ষীৰ দল এটি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত সকলক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে তদন্ত মৰ্মে দোষীক শাস্তি প্ৰদান কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ক'ভিড প্ৰট'কলৰ ক্ষেত্ৰত কঠোৰ হ'ব যোৰহাট জিলা প্ৰশাসন

Last Updated : May 30, 2021, 9:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.