ETV Bharat / state

লফিকুল ইছলাম হত্যাকাণ্ড, কেতিয়ালৈ ন্যায় পাব ছাত্ৰনেতাজনৰ পৰিয়ালে ! - তদন্তকাৰী সংস্থা NIA

কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুয়ে ৷ সংবাদমেলযোগে ছাত্ৰ সংগঠনটোৱে তেওঁলোকৰ দলীয় নেতা লফিকুল ইছলামৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি পুনৰ এবাৰ চৰকাৰক আহ্বান জনাইছে ৷

কেতিয়ালৈ ন্যায় পাব ছাত্ৰনেতাজনৰ পৰিয়ালে !

author img

By

Published : Jun 9, 2020, 10:44 PM IST

কোকৰাঝাৰ, 9 জুন : সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুয়ে এবিএমছুৰ নেতা লফিকুল ইছলামৰ হত্যাৰ ন্যায়ৰ সমাধান আৰু দোষীক কঠোৰ শাস্তি বিচাৰি এক সংবাদমেল সম্বোধন কৰে ৷ আজি কোকৰাঝাৰত এক সংবাদমেলত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি অশ্ৰাফুল ইছলামে কয় যে, এবিএমছুৰ প্ৰাক্তন সভাপতিৰ হত্যাকাণ্ড অহা আগষ্ট মাহৰ 1 তাৰিখত তিনিবছৰ সম্পূৰ্ণ হ'ব । চৰকাৰে তদন্তৰ বাবে তদন্তকাৰী সংস্থা NIA দিছিল যদিও আজিলৈকে ইয়াৰ সমাধান আৰু মূলদোষী গ্ৰেপ্তাৰ নহ'ল । যদিহে অহা 1 আগষ্টৰ পূৰ্বে লফিকুল ইছলামৰ পৰিয়ালক চৰকাৰে ন্যায় প্ৰদান কৰিবলৈ ব্যৰ্থ হয় তেতিয়াহ'লে ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে এবিএমছুৰ সভাপতি অশ্ৰাফুল ইছলামে ।

লফিকুল ইছলাম হত্যাকাণ্ডৰ তিনিবছৰ

আনফালে কোকৰাঝাৰৰ সাংসদ অৰ্থাৎ গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ শৰণীয়াই সংখ্যালঘুক লৈ কেৱল ৰাজনৈতিক খেলহে খেলিছে বুলি গুৰুতৰ অভিযোগ কৰে এবিএমছুৰ সভাপতিগৰাকীয়ে । সংখ্যালঘু জাতিৰ উন্নয়নৰ বাবে এটাও কাম কৰা নাই বুলি নৱ শৰনীয়াই । সমান্তৰালৈ বিপিএফৰ 17 বছৰীয়া শাসনকালতো সংখ্যালঘুসকলৰ বাবে যেনে ধৰণৰ উন্নতি হ'ব লাগিছিল সেয়া হোৱা নাই বুলি কয় ।

লগতে পঢ়কঃ অসমীয়া ভাষাৰ বিৰোধিতা নিখিল বড়ো ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.