ETV Bharat / state

কোকৰাঝাৰৰ কোৱাৰেণ্টাইন গৃহ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দিল্লীৰ নিজামুদ্দিনৰ পৰা ঘুৰি অহা 15 জন লোক বৰ্তমানেও নিৰুদ্দেশ হৈ আছে যাৰ ফলত চিকিৎসক,নাৰ্ছ তথা অন্যান্য চিকিৎসাকৰ্মীসকলক কোৱাৰেণ্টাইনত ৰাখিবলগীয়া হৈছে ৷ কোকৰাঝাৰৰ পৰিস্থিতি পৰিদৰ্শন কৰি এই মন্তব্য আগবঢ়ায় ৰাজ্য়ৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

kokrajhar visit himanta biswa sarma corona virus
কোৱাৰেণ্টাইন গৃহ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ
author img

By

Published : Apr 9, 2020, 9:05 PM IST

কোকৰাঝাৰ,9 এপ্ৰিলঃ অসমৰ সীমামুৰীয়া জিলা কোকৰাঝাৰৰ শ্ৰীৰামপুৰত থকা কোৱাৰেণ্টাইন গৃহত বৃহস্পতিবাৰে উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অসমৰ পৰা এমাহ পূৰ্বে বৈষ্ণোদেৱী, স্বৰ্ণমন্দিৰ, দিল্লী আদি স্থানলৈ তীৰ্থ ভ্ৰমণলৈ যোৱা ৪২ গৰাকী তীৰ্থযাত্ৰীৰ এটা দলে বিগত 15 দিনে শ্ৰীৰামপুৰৰ কোৱাৰেণ্টাইন গৃহত আছিল ৷ যাত্ৰীসকলৰ কোৱাৰেণ্টাইনৰ সময় উকলি যোৱাৰ বাবে খোদ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ অনুমতি দিয়ে ঘৰলৈ উভটি যাবলৈ । উক্ত কাৰ্যসূচীত মন্ত্ৰী হিমন্তৰ লগত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৷ জিলাখনৰ সীমান্তৰ তিনি স্থানত আৱদ্ধ হৈ থকা প্ৰায় 400গৰাকী লোকক পৰ্যায়ক্ৰমে নিজ অঞ্চলত থকা কোৱাৰেণ্টাইন গৃহলৈ প্ৰেৰণ কৰা হ’ব ।

কোৱাৰেণ্টাইন গৃহ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

আনহাতে, নিজামুদ্দিনৰ পৰা অসমলৈ ঘুৰি অহা 15 জন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনাইছে ৷ এই লোকসকলে বৰ্তমানলৈকে চৰকাৰ বা স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰা নাই । যাৰ বাবে চিকিৎসক,নাৰ্ছ সকলৰ লগতে অন্যান্য লোকসকলক কোৱাৰেণ্টাইনত ৰাখিবলগীয়া হৈছে ৷

লগতে চাওকঃ মোনাবাৰী বাগিচাৰ শ্ৰমিকক চাউল বিতৰণ ৰঞ্জিত দত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.