কোকৰাঝাৰ, 13 নৱেম্বৰঃ কোকৰাঝাৰ জিলাৰ এটা অতিকে পুৰণি মন্দিৰ ৷ প্ৰায় পাঁচবিঘা মাটিত থকা এই বৃহৎ মন্দিৰটো হৈছে ফকিৰাগ্ৰামস্থিত ৰাধা গোবিন্দ মন্দিৰ ৷ অতি পুৰণি কালৰে পৰাই মন্দিৰটোত উদযাপন কৰি অহা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ প্ৰাচীন ঐতিহ্যপূৰ্ণ মন্দিৰটোত চলিত বৰ্ষটো 7 দিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷
স্থানীয় ফকিৰাগ্ৰাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহাই ৰাসলীলাৰ দ্বাৰ মুকলি কৰে ৷ কোকৰাঝাৰৰ বিশিষ্ট সমাজকৰ্মী অৰূপ কুমাৰ দে মন্দিৰটোৰ বাবে স্থাপন কৰিবলগীয়া স্থায়ী দ্বাৰৰ শিলান্যাস কৰে ৷ অতিকে ভিতৰুৱা অঞ্চলত থকা প্ৰাচীন ঐতিহ্যপূৰ্ণ মন্দিৰটোত জাত-পাতৰ বিভেদ নামানি সকলোৱে একেলগে পূজা-অৰ্চনা কৰি আহিছে ৷ এইক্ষেত্ৰত মন্দিৰটোৰ উন্নতিৰ বাবে চৰকাৰক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় উদ্যোক্তাসকলে ৷