ETV Bharat / state

পৰিৱেশ দিৱসত কোকৰাঝাৰ আৰক্ষীৰ গছপুলি ৰোপণ কাৰ্যসূচী

author img

By

Published : Jun 5, 2021, 10:55 PM IST

কোকৰাঝাৰতো বিশ্ব পৰিৱেশ দিৱস পালন । বিশ্ব পৰিৱেশ দিৱস উপলক্ষ কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ চৰাইখোলাস্থিত সপ্তম অসম বেটেলিয়ান আৰু কোকৰাঝাৰ আৰক্ষী নিৱেশ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে । বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণৈয়ে সেউজ আৰু নিকা পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত আৰক্ষী দায়বদ্ধ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

kokrajhar-police-plantation-programme-on-environment-day
পৰিৱেশ দিৱসত কোকৰাঝাৰ আৰক্ষীৰ গছপুলি ৰোপণ কাৰ্যসূচী

কোকৰাঝাৰ, ৫ জুন : সমগ্ৰ বিশ্ব তথা দেশৰ লগতে কোকৰাঝাৰ জিলাৰ ভিন্ন প্ৰান্ততো শনিবাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ চৰাইখোলাস্থিত সপ্তম অসম বেটেলিয়ান আৰু কোকৰাঝাৰ আৰক্ষী নিৱেশ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে । সপ্তম অসম বেটেলিয়নৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচীত অসম আৰক্ষীৰ বিশেষ ডিজিপি তথা বিটিআৰৰ আইজিপি ড৹ এল আৰ বিষ্ণৈ, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ আৰু সপ্তম অসম বেটেলিয়ানৰ অধিনায়ক মৃণাল তালুকদাৰে গছপুলি ৰোপন কৰে ।

গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিটিআৰৰ আইজিপি ড৹ এল আৰ বিষ্ণৈয়ে সেউজ আৰু নিকা পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত আৰক্ষী দায়বদ্ধ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে । অকল গছ ৰুলেই নহ’ব বৰং ইয়াৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতিপালনত গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰি শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে অসম আৰক্ষীয়ে বন্যপ্ৰাণী ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ।

বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থকা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে গছপুলি ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে । ইপিনে কোকৰাঝাৰ আৰক্ষী নিৱেশত, বিটিআৰ সচিবালয় চৌহদ আৰু কোকৰাঝাৰ চহৰৰ বিভিন্ন ঠাইত ক’ভিড প্ৰট’কল মানি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক : পৰেশ বৰুৱাক মূল সুঁতিলৈ আহিবলৈ আহ্বান প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.