ETV Bharat / state

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত ছেনিটাইজাৰ আৰু মাক্স তৈয়াৰ কৰি বিনামূল্যে বিতৰণৰ ব্যৱস্থা - কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ ৷ ছেনিটাইজাৰ আৰু মাক্স তৈয়াৰ কৰি বিনামূল্যে বিতৰণৰ ব্যৱস্থা কৰিছে মহাবিদ্যলয় কৰ্তৃপক্ষই ।

ছেনিটাইজাৰ আৰু মাক্স তৈয়াৰ কৰি বিনামূল্যে বিতৰণৰ ব্যৱস্থা

author img

By

Published : Mar 21, 2020, 10:47 PM IST

কোকৰাঝাৰ, 21 মাৰ্চঃ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰশংসনীয় পদক্ষেপ ৷ মহাবিদ্যালয় খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ শিক্ষক গোটে নিজ পৰীক্ষাগাৰত তৈয়াৰ কৰিছে ছেনিটাইজাৰ আৰু মাক্স । শনিবাৰৰ পৰা 20 লিটাৰকৈ তৈয়াৰ কৰি ওলাইছে হেণ্ড ৱাছ ছেনিটাইজাৰ । কৰ'ণা ভাইৰাছৰ আতংকত ৰাজ্যত হেণ্ড ৱাছ ছেনিটাইজাৰ আৰু মাক্সৰ নাটনিক ৰোধ কৰিবলৈ তেওঁলোকে গ্ৰহণ কৰিছে এই পদক্ষেপ । শনিবাৰে কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থপ্ৰতীম মজুমদাৰ আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে মহাবিদ্যালয়খনত উপস্থিত হৈ এই বিষয়ে বুজ লৈ তেওঁলোকৰ পদক্ষেপক প্ৰশংসা কৰে আৰু জনসাধাৰণৰ মাজত বিতৰণ কৰে ।

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত ছেনিটাইজাৰ আৰু মাক্স তৈয়াৰ কৰি বিনামূল্যে বিতৰণৰ ব্যৱস্থা
অনাগত দিনত মহাবিদ্যালয়খনৰ ৰাসায়নিক বিজ্ঞান বিভাগে অধিক সংখ্যক ছেনিটাইজাৰ আৰু মাক্স তৈয়াৰ কৰি জনসাধাৰণৰ মাজত বিতৰণ কৰিব বুলি জনাইছে অধ্যক্ষা ড.বনবীনা ব্ৰহ্মই ৷

লগতে পঢ়কঃ বঙাইগাঁৱত কৰ'ণা ভাইৰাছক লৈ সজাগতামূলক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.