গোসাইগাঁও,26 আগষ্টঃ কোকৰাঝাৰত উন্মোচিত হৈছে স্বাস্থ্য বিভাগৰ এখন পঁয়া লগা ছবি ৷ জিলা স্বাস্থ্য বিভাগৰ তথা গোসাঁইগাঁও মহকুমা আৰু বংগ সীমান্তৱৰ্তী এলেকা শ্ৰীৰামপুৰৰ দামৰাপাৰা উপ স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা ৷ কেন্দ্ৰটোত নাই কোনো চিকিৎসক, নাৰ্চ আৰু আশা কৰ্মী ৷ জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে যদিও চিকিৎসক,নাৰ্চ আৰু অন্যান্য সমস্যাৰ ফলত এতিয়াও পৰিত্যক্ত অৱস্থাত আছে কোকৰাঝাৰৰ এই উপ স্বাস্থ্য কেন্দ্ৰটো ৷ কেন্দ্ৰটো নিৰ্মাণৰ বহু বছৰৰ পিছতো এই পৰ্যন্ত মুকলি কৰা হোৱা নাই , বৰঞ্চ ব্যৱহাৰৰ অভাৱত জহিবলৈহে আৰম্ভ কৰিছে উপ স্বাস্থ্য কেন্দ্ৰটো ৷ চৌদিশে আগুৰি ধৰিছে জংঘলে ৷ কেৱল সেয়াই নহয় জংঘলে ঢাকি ধৰাৰ বাবে কেন্দ্ৰটোত সংঘটিত হৈছে বহু অসামাজিক কাম-কাজ ৷
ফলত স্থানীয় ৰাইজে মাজে সময়ে চাফা কৰি দিয়ে কাটি দিয়ে ঘাঁহ-বন ৷ ৰাইজৰ চকুৰ আগতে লাখ টকীয়া এখন আঁচনি নষ্ট হ'বলৈ ধৰিছে যদিও কোনো খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ । এতিয়া এনেদৰে চলিছে দামৰাপাৰা উপ স্বাস্থ্য কেন্দ্ৰ। ফলত অসম বংগ বৃহত্তৰ অঞ্চলৰ ৰাইজে সামান্য বেমাৰ হলে চুবুৰীয়া ৰাজ্য বংগৰ অলিপুৰদুৱাৰ, কোচবিহাৰ, তুফানগঞ্জ আৰু গোসাঁইগাঁও নাইবা কোকৰাঝাৰ যাবলগীয়া হয় । এটা উপ স্বাস্থ্য কেন্দ্ৰ থকা পিছতো ৰাইজে এদিনো কোনো সুবিধা বা চিকিৎসা লাভ নকৰিলে ৷ সঁচাকৈ স্বাস্থ্য বিভাগৰ বাবে যেন এইয়া এক চৰম পৰিতাপৰ কথা ৷