ETV Bharat / state

DC Varnali Deka apologized : উপায়ুক্ত বৰ্ণালী ডেকাই খুজিলে ক্ষমা; ভুক্তভোগীৰ এজাহাৰ প্ৰত্য়াহাৰ

অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই (District commissioner Varnali Deka apologized) । দুৰ্ভগীয়া দীপক দাসৰ পৰিয়ালে প্ৰত্যাহাৰ কৰিলে এজাহাৰ ৷ ইপিনে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ প্ৰহাৰত অসুস্থ হৈ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ পৰিয়ালটো অনাকাংক্ষিত ভৱিষ্যতৰ আশংকাত ভোগা পৰিলক্ষিত হৈছে (Kokrajhar DC Varnali Deka) ৷

author img

By

Published : Jan 30, 2023, 3:34 PM IST

District commissioner Varnali Deka apologized
Varnali deka apologized after beating an employee
চিকিৎসালয়লৈ গৈ ক্ষমা খুজিলে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই

কোকৰাঝাৰ ২৯ জানুৱাৰী : কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে ৷ ইয়াৰ পিচতে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ (IAS Varnali Deka) ৷

অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল জিলা উপায়ুক্ত বৰ্ণালী ডেকাই (District commissioner Varnali Deka apologized) । জিলা উপায়ুক্তৰ টিফিন বক্স বেগত ভৰায় নিদিয়াৰ বাবেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰিছিল জিলা উপায়ুক্তগৰাকীয়ে । প্ৰথমে খাদ্যসামগ্ৰী থকা হটকেচৰ ঢাকোন খুলি কৰ্মচাৰীগৰাকীৰ গালৈ দলিয়ায় আৰু তাৰ পাচতে কৰ্মচাৰীগৰাকীক প্ৰহাৰ কৰে বুলি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসে অভিযোগ উত্থাপন কৰিছে ৷ কেৱল এয়াই নহয় কৰ্মচাৰীজনক ১৫/২০ মিনিট সময় ধৰি থিয় কৰাই ৰাখি শাস্তি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন হৈছে জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে ((Kokrajhar DC thrashes employee) ৷

জিলা উপায়ুক্তৰ প্ৰহাৰৰ পিছতে দীপক দাস কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (RNB Civil Hospital in Kokrajhar) ৷ শনিবাৰে মাজনিশা কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ গৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ক্ষমা খোজা বুলি ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰে । জিলা উপায়ুক্তৰ প্ৰহাৰত চিকিৎসাধীন অৱস্থাত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ জীয়াৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে কালি নিশা ঘটনাৰ মীমাংসা কৰিবলৈ জিলা উপায়ুক্ত সহিতে কৃষি বিভাগৰ বিষয়া, কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গ চিকিৎসালয়ত উপস্থিত হয় আৰু জিলা উপায়ুক্তই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ তৰফৰ পৰা লিখিত ক্ষমা বিচাৰে ৷

তদুপৰি এখন দৰ্খাস্তত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ পৰা কৌশলেৰে চহী লোৱাৰ অভিযোগ উত্থাপন কৰে জীয়াৰী সুনীতা দাসে । ইপিনে জিলা উপায়ুক্তগৰাকীৰ বিৰুদ্ধে দিয়া গোচৰো প্ৰত্যাহাৰ কৰে এজাহাৰকাৰীয়ে । উল্লেখ্য যে, বিষয়টো মীমাংসাৰ বাবে প্ৰায় গোটেই নিশা জিলা উপায়ুক্তগৰাকীয়ে চিকিৎসালয়তে কটায় আৰু পুৱতি নিশা কোকৰাঝাৰ সদৰ থানালৈ আহে বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, জিলা উপায়ুক্তৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ আৰু মীমাংসা কৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল জিলা কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গ, জিলা উপায়ুক্তৰ ব্যক্তিগত সহায়ক সঞ্জু দেৱৰয় সহ কৃষি বিভাগৰ এজন বিষয়াই ৷ ইপিনে ভুক্তভোগী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ পৰিয়ালটোৱে তেওঁলোকৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, আইএএছ বিষয়া বৰ্ণালী ডেকাৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও উত্থাপিত হৈছে এনে অভিযোগ ৷ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে দমন চলোৱাৰ অভিযোগো আছে আইএএছ বিষয়াগৰাকীৰ বিৰুদ্ধে (Allegation against DC Varnali Deka) ৷ আনকি জিলা উপায়ুক্তগৰাকীয়ে কৰ্মচাৰীৰ মূৰ ফালি দিয়াৰ ধমক প্ৰদানৰো অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে (Allegation against DC Varnali Deka) ৷

লগতে পঢ়ক : Remembering Labor Leader: শ্ৰমিক নেতা আব্দুল কৰিম ভূঞাৰ স্মৃতিত আলোচনা চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.