কোকৰাঝাৰ, ২৭ এপ্ৰিল: সমগ্ৰ ৰাজ্যতে কৰ'ণাৰ ভয়াবহ সংক্ৰমণ । এটাৰ পিছতো আনটো কৰ'ণা ৰোগীৰ মৃত্যুৰ খবৰ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা । এইবাৰ কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰ জিলাত মৃত্যু হৈছে এগৰাকী ৬১ বছৰীয়া লোকৰ ।
কৰ’ণাত আক্ৰান্ত হৈ সোমবাৰে নিশা মৃত্যুক সাৱটি লোৱা ব্যক্তিগৰাকী কোকৰাঝাৰৰ ৰূপাতি নৌগৰৰ নৌৰাম বসুমতাৰী বুলি জানিব পৰা গৈছে ৷ ক’ভিড পজিটিভ ধৰা পৰাত ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া নৌৰাম বসুমতাৰীক কোকৰাঝাৰ ক’ভিড কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত সোমবাৰে নিশা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএমচিএইচলৈ লৈ যোৱা অৱস্থাতে নৌৰাম বসুমতাৰীৰ মৃত্যু ঘটে ৷
উল্লেখ্য যে বিগত পাঁচ দিনত কৰ’ণাত আক্ৰান্ত হৈ জিলাখনত মুঠ ৩ গৰাকী লোকৰ মৃত্যু ঘটিছে ৷
লগতে পঢ়ক:বৰপেটাৰ বিদ্যালয় সমূহত অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ