ETV Bharat / state

কোকৰাঝাৰত নতুনকৈ ১০ জন লোক ক'ৰণাত আক্ৰান্ত - ক'ভিড ১৯

কোকৰাঝাৰত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত শুকুৰবাৰে নতুনকৈ ১০ জন লোক ক'ৰণাত আক্ৰান্ত হয় । এগৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ ।

কোকৰাঝাৰত দ্ৰুত গতিত বৃদ্ধি ক'ৰণা আক্ৰান্তৰ সংখ্যা

author img

By

Published : Apr 16, 2021, 9:24 PM IST

কোকৰাঝাৰ, ১৬ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে ক'ভিড-১৯ ৰ সংক্ৰমণ । কোকৰাঝাৰ জিলাতো শেহতীয়াকৈ দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ শুকুৰবাৰে জিলাখনত নতুনকৈ ১০ জন লোক এই অতিমাৰীৰ কবলত পৰে ।

জানিব পৰা মতে, কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে ৩৫০ গৰাকী লোকৰ ক'ভিড-১৯ পৰীক্ষা কৰোৱা হয় আৰু ১০ গৰাকী লোকৰ দেহত ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ইয়াৰে ৫ গৰাকী লোকক হোম আইচ'লেশ্যনত থকাৰ পৰামৰ্শ দিয়াৰ লগতে ৪ জন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে, আন এগৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

ইফালে, ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে বিদ্যালয়সমূহত নিয়মীয়া পাঠদান আৰম্ভ হোৱাত অভিভাৱকসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ জীৱন গঢ়াৰ স্বাৰ্থত নিজৰ সন্তানক বিদ্যালয়লৈ পথাব নে ক'ভিড-১৯ ৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ঘৰতে ৰাখিব তাকে লৈ বিমোৰত পৰিছে অভিভাৱকসকল । ইতিমধ্যে, কোকৰাঝাৰত প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী ক'ভিড-১৯ ত আক্ৰান্ত হোৱাত অভিভাৱকসকল শংকিত হৈ পৰিছে ।

লগতে পঢ়ক:'আমাৰ ঘৰ' বৃদ্ধাশ্ৰমত জ্যেষ্ঠজনক সেৱা জনালে AJYCPৰ কৰ্মকৰ্তাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.