ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কোকৰাঝাৰৰ ব্যৱসায়ীৰ বৰঙণি ! - মহামাৰী কৰ'ণা ভাইৰাছ

কোকৰাঝাৰৰ দুগৰাকী ব্যৱসায়ীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে অৰ্থ সাহায্য ৷ লক্ ডাউনৰ সময়ছোৱাত লোকসকলক ঘৰতে থাকি ঘৰুৱা কাম কৰি সময় কটাবলৈ আহ্বান ব্যৱসায়ী দুগৰাকীৰ ৷

KOKRAJHAR BUISNESSMAN DONATE FOR CM RELIEF FUND

author img

By

Published : Apr 1, 2020, 8:13 PM IST

কোকৰাঝাৰ, 1 এপ্ৰিল : বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ২১ দিনীয়া লক্ ডাউন । এই লক্ ডাউনৰ সময়ছোৱাত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা গৈছে । তেনে সময়তে বড়ো ভূমি কোকৰাঝাৰ চহৰৰ দুগৰাকী ব্যৱসায়ীয়ে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দুই লাখ টকাৰ অৰ্থ সাহায্য প্ৰদান কৰে । ইয়াৰ লগতে স্বামী সুদাং কুমাৰ ব্ৰহ্মইও তিনি লাখকৈ অৰ্থ সাহায্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ।

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কোকৰাঝাৰৰ ব্যৱসায়ীৰ বৰঙণি !
দৰিদ্ৰ লোক তথা দিন হাজিৰা কৰি খোৱা লোকৰ কথা চিন্তা কৰি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে বিনামূলীয়া ৰেচন যোগান ধৰাৰ কথা। চৰকাৰী কৰ্মচাৰী, বলিউড তাৰকা, সাংসদ আদিয়ে চৰকাৰৰ এনে বিপদৰ সময়ত সঁহাৰি জনাবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে । কোকৰাধাৰৰ জয়া ৰাণী ব্ৰহ্মই দেশ তথা ৰাজ্যৰ এনে সংকটৰ সময়ত যাতে চৰকাৰক সহায় কৰে আৰু মাৰাত্মক কৰ'ণা ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ চৰকাৰে দিয়া নিয়ম মানি চলিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক : অসম আৰোগ্য নিধিলৈ ৫০,০০০ টকাৰ অনুদান গুৱাহাটী বিহু সন্মিলনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.