কোকৰাঝাৰ, 30 এপ্ৰিল : কোকৰাঝাৰত বিপিএফ চৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ লগে-লগে প্ৰৱৰ্তন হয় ৰাজ্যপাল শাসনৰ ৷ ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাৰ পিছত আজি বিটিচি সচিবালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিটিচিৰ নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিঙ আৰু প্ৰশাসক ৰাজেশ প্ৰসাদে । প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াৰ লগত বৈঠকত মিলিত হোৱা মুখ্য সচিব গৰাকীয়ে দূৰ্নীতিৰ বিৰুদ্ধে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰতিটো বিভাগৰ আঁচনি ৰূপায়নৰ অগ্ৰগতিৰ খতিয়ান সংশ্লিষ্ট বিভাগীয় মুৰব্বীৰ পৰা পৃথক-পৃথকে লোৱা হ'ব বুলি কোৱাৰ লগতে দূৰ্নীতিৰ তথ্য লাভ কৰিলেই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়নি প্ৰদান কৰিছে নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিঙে । তদুপৰি যিসকল চৰকাৰী কৰ্মচাৰীৰ কামত খুত পোৱা যাব তেনে কৰ্মচাৰীক ৰেহাই দিয়া নহ'ব বুলিও সকীয়নি প্ৰদান কৰে মুখ্য সচিব গৰাকীৰ ।
ইয়াৰোপৰি আজিৰ পৰ্যালোচনা বৈঠকত কৃষি আৰু জলসিঞ্চন বিভাগৰ কাম -কাজত অসন্তুষ্টি প্ৰকাশ কৰে নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিঙে । ইপিনে বিটিএডি এলেকা গ্ৰীণ জ'ন হৈ থকাত সন্তুষ্টি প্ৰকাশ কৰি কৃষক সকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰিছে নৱনিযুক্ত মুখ্য সচিব গৰাকীয়ে । আনহাতে প্ৰতিটো কামতে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে মুখ্য সচিব সিদ্ধাৰ্থ সিঙ আৰু প্ৰশাসক ৰাজেশ প্ৰসাদে ৷