কোকৰাঝাৰ,১৬ ফেব্ৰুৱাৰীঃ শ্ৰীৰামপুৰত শনিবাৰে এবিএমছুৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত জইছ ই মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজাহাৰৰ পুত্তলিকা দাহ কৰা হয়। কাশ্মীৰত সুৰক্ষা বাহিনীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদতেই এবিএমছুৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)
এবিএমছুৰ নেতা-কৰ্মী সকলে প্ৰতিবাদ জনাই পাকিস্তান মুৰ্দাবাদ , সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ নচলিব,মাছুদ আজাহাৰ হুছিয়াৰ আদি ধ্বনিৰে গোসাইগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। ভাৰতীয় সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ চলোৱা সকলৰ ওপৰত প্ৰতি আক্ৰমণ চলাবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৰ সদস্য়সকলে।