ETV Bharat / state

জনজাতিকৰণ নকৰিলে অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আক্ৰাছুৰ

author img

By

Published : Dec 1, 2019, 9:29 PM IST

উল্লেখ্য যে সংবাদমেলত গণতান্ত্ৰিক আন্দোলন কৰা সংগঠনক গুৰুত্ব নিদি চৰকাৰে অস্ত্ৰধাৰী সংগঠনক হে গুৰুত্ব দিয়ে বুলিও অভিযোগ কৰে আক্ৰাছুৱে ।

আক্ৰাছুৰ সংবাদ মেল
আক্ৰাছুৰ সংবাদ মেল

কোকৰাঝাৰ , ১ ডিচেম্বৰ: যি কোনো মূল্যৰ বিনিময়ত প্ৰাপ্য অধিকাৰ কাঢ়ি অনাৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ কথা বিবেচনা কৰিছে আক্ৰাছুৱে । চৰকাৰে গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব প্ৰদান নকৰে সেয়ে কোচ ৰাজবংশীৰ প্ৰাপ্য অধিকাৰৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায়ে ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত দেওবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত এই মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷

আক্ৰাছুৰ সংবাদ মেল

দেওবাৰে আক্ৰাছুৱে সংবাদমেল সম্বোধন কৰি চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ -বিদ্বেষ জাহিৰ কৰাৰ উপৰিও চলিত বিধানসভা অধিবেশনত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে হাতত অস্ত্ৰ তুলি লোৱাই শ্ৰেয় বুলি মন্তব্য প্ৰদান কৰে । ইয়াৰোপৰি গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আক্ৰাছুৰ মোহভংগ হৈছে আৰু শীতকালীন অধিবেশনতে যদি কোচ ৰাজবংশী সমস্যাৰ সমাধান নহয় তেনেহলে চৰকাৰে তেওঁলোকৰ হাতত অস্ত্ৰ তুলি লোৱাটো বিচাৰিছে বুলি ভাৱিবলৈ বাধ্য হ'ব আৰু যুৱচামক স্বাগতম জনাই প্ৰাপ্য অধিকাৰ কাঢ়ি আনিবলৈ প্ৰস্তুত বুলিও মন্তব্য কৰিছে আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায়ে । উল্লেখ্য যে, সংবাদমেলখনত গণতান্ত্ৰিক আন্দোলন কৰা সংগঠনক গুৰুত্ব নিদি চৰকাৰে অস্ত্ৰধাৰী সংগঠনকহে গুৰুত্ব দিয়ে বুলিও অভিযোগ কৰে আক্ৰাছুৱে ।

লগতে পঢ়ক তিৰংগাৰ তলত শান্তিৰ নিদ্ৰাৰে স্বগৃহ পালেহি ছহীদ বিজয় নাৰ্জাৰী!

Intro:হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ আক্ৰাছুৰ ।

জনজাতিকৰণ নকৰিলে শীতকালিন অধিবেশনৰ পিছতে অনিদিষ্টকালিন অৰ্থনৈতিক অৱৰোধ :

কেব গৃহীত কৰাৰ স্বাৰ্থত জনগোষ্ঠীৰ মাজত বিভাজনৰ প্ৰচেষ্ঠা বিজেপিৰ :

কোকৰাঝাৰ /১ ডিচেম্বৰ :- যি কোনো মুল্যৰ বিনিময়ত প্ৰাপ্য অধিকাৰ কাঢ়ি অনাৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ কথা বিবেচনা কৰিছে আক্ৰাছুৱে । চৰকাৰে গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব প্ৰদান নকৰে আৰু সেয়েহে ধৈৰ্যৰ সীমা পাৰ হৈ কোচ ৰাজবংশীৰ প্ৰাপ্য অধিকাৰৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছুৰ উপদেষ্ঠা প্ৰদীপ ৰায়ে ।
Body:কোকৰাঝাৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত হোৱা এক সংবাদমেলত আক্ৰাছুৱে চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ -বিদ্বেষ জাহিৰ কৰি চলিত বিধানসভা অধিবেশনতে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে হাতত অস্ত্ৰ তুলি লোৱাই শ্ৰেয় বুলি মন্তব্য প্ৰদান কৰিছে । গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আক্ৰাছুৰ মোহভংগ হৈছে আৰু শীতকালিন অধিবেশনতে যদি কোচ ৰাজবংশী সমস্যাৰ সমাধান নহয় তেনেহলে চৰকাৰে তেওঁলোকৰ হাতত অস্ত্ৰ তুলি লোৱাটো বিচাৰিছে বুলি ভাৱিবলৈ বাধ্য হব আৰু যুৱচামক স্বাগতম জনাই প্ৰাপ্য অধিকাৰ কাঢ়ি আনিবলৈ প্ৰস্তুত বুলিও মন্তব্য কৰিছে আক্ৰাছুৰ উপদেষ্ঠা প্ৰদীপ ৰায়ে । গণতান্ত্ৰিক আন্দোলন কৰা সংগঠনক গুৰুত্ব নিদি চৰকাৰে অস্ত্ৰধাৰী সংগঠনক হে গুৰুত্ব দিয়ে বুলিও অভিযোগ কৰে আক্ৰাছুৱে ।
ইপিনে আক্ৰাছুৰ সভাপতি অৰুণ ৰায় আৰু গোকুল বৰ্মনে কেব গৃহীত কৰাৰ স্বাৰ্থতে বিজেপি চৰকাৰে জনগোষ্ঠীসমুহৰ মাজত বিভাজন আৰু সংঘাত আনিব বিচাৰিছে বুলি অভিযোগ কৰি সংসদৰ চলিত অধিবেশনতে কোচ ৰাজবংশীক জনজাতিকৰণ নকৰিলে শীতকালিন অধিবেশনৰ পিছতে অনিদিষ্টকালিন অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হব বুলি সংবাদমেলত সদৰি কৰিছে । Conclusion:আজিৰ সংবাদমেলত আক্ৰাছুৰ উপ সভাপতি মুকুল বৰুৱা , সহ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ো উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.