কোকৰাঝাৰ, ২ অক্টোবৰ : কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুজন ড্ৰাগছ ব্যৱসায়ী ৷ ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে ক্ৰমে গোসাইগাওঁৰ মথমবিলৰ ৰিনক নাৰ্জাৰী আৰু কোকৰাঝাৰৰ হাব্ৰুবাৰীৰ মনদ্বীপ নাৰ্জাৰী বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰিছে ৷ দুয়োজনৰ পৰা আৰক্ষীয়ে ৪৫ টা সৰু প্লাষ্টিক বটলত মুঠ ৫৮৯ গ্ৰাম হেৰ'ইন জব্দ কৰে ৷ প্ৰাপ্ত তথ্য মতে কোকৰাঝাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বত মঙলবাৰে নিশা এক গোপন সুত্ৰৰ পমখেদি কোকৰাঝাৰ চহৰৰ গংগা হল পথৰ সমীপৰ এঘৰত তালাচী চলাই দুয়োগৰাকী যুৱকক নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমান দুয়োগৰাকী যুৱকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
![Kokrajahar arrest two drags dealer](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-2oct-drugspeddler-5-photo-7204384_02102019151635_0210f_1570009595_634.jpg)
![Kokrajahar arrest two drags dealer](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-2oct-drugspeddler-5-photo-7204384_02102019151635_0210f_1570009595_1017.jpg)
![Kokrajahar arrest two drags dealer](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-2oct-drugspeddler-5-photo-7204384_02102019151635_0210f_1570009595_254.jpg)
![Kokrajahar arrest two drags dealer](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-2oct-drugspeddler-5-photo-7204384_02102019151635_0210f_1570009595_416.jpg)