ETV Bharat / state

কোকৰাঝাৰত কোভিড-19ত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা 17 গৰাকীলৈ বৃদ্ধি - অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কোকৰাঝাৰত ভয়াৱহভাৱে বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ বিভিন্ন ৰাজনৈতিক দল সমূহে কৰ’ণাৰ গাইড লাইন উলংঘা কৰি যধেমধে নিৰ্বাচনী প্ৰচাৰ সভা, যোগদান অনুষ্ঠান কৰ্মী সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতাত নামিছে ।

kokorajhar covid-19 death risese to 17
কোকৰাঝাৰত ক’ভিড-19ত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা 17 গৰাকীলৈ বৃদ্ধি
author img

By

Published : Sep 13, 2020, 9:08 PM IST

কোকৰাঝাৰ, 13 ছেপ্তেম্বৰঃ বিটিচিত দিনক দিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ তাৰ সমান্তৰাল কৈ বাঢ়িছে মৃত্যুৰ সংখ্যা । কিন্তু ইয়াৰ পিছতো জিলাখনত কৰ’ণাক লৈ জনগণৰ মাজত নাই কোনো সজাগতা ৷ বিশেষকৈ বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল সমূহে কৰ’ণাৰ গাইড লাইন উলংঘা কৰি যধেমধে নিৰ্বাচনী প্ৰচাৰ সভা,যোগদান অনুষ্ঠান,কৰ্মী সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতাত নামিছে । যাৰফলত বিভিন্ন প্ৰলোভন দিয়া উক্ত সভাত হাজাৰ হাজাৰ জনতাৰ সমাগমকলৈ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিডৰ প্ৰ’টকল উলংঘা কৰাৰ বাবে নামনি অসমত কোভিড-19এ ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি ইংগিত প্ৰদান কৰিছে ৷

তাৰপিছতো ৰাজনৈতিক দল সংগঠন তথা ৰাইজৰ মাজত কোনো ধৰণৰ সজাগতা পৰিলক্ষিত হোৱা নাই । সকলোৰে লক্ষ্য কেৱল এটাই বিটিচি পৰিষদীয় নিৰ্বাচনৰ গাদী দাখল কৰা । স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বৰ আগজাননীৰ ওপৰত কাণষাৰ প্ৰদান নকৰাৰ ফলত বিটিচি নিৰ্বাচনৰ আগমূহৰ্ত্তত কোভিড-19ত অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ ইফালে বিটিচিৰ হৃদপিণ্ড কোকৰাঝাক জিলাখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা দেওবাৰৰ দিনটোত 2698 লৈ বৃদ্ধি পাইছে ৷ সম্প্ৰতি কোভিড-19 আক্ৰান্ত হৈ 17 গৰাকীকৈ লোকে মৃত্যুক আকোঁৱালি লৈছে ৷ উল্লেখযোগ্য যে, দেওবাৰে কোকৰাঝাৰ চহৰৰ ৰুপম নাৰ্জাৰী আৰু উমা চৰণ নাৰ্জাৰী নামৰ দুগৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ।

লগতে পঢ়কঃ ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে শিশু কৰ’ণা ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.