কোকৰাঝাৰ, 10 ছেপ্টেম্বৰ : কোকৰাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শুকুৰবাৰে কোকৰাঝাৰ পৰা আৰক্ষীয়ে আটক কৰে KLO বিদ্ৰোহী সংগঠনৰ 2জন সদস্য (KLO linkmen arrested in Kokrajhar) ৷
জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীস্থিত নাৰাবাৰীত বিগত 4 জুনত সুনীল মণ্ডল নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীক দাবী কৰা ধন নাপাই KLO সদস্যই গুলীয়াই আহত কৰিছিল (Serfanguri firing incident) ৷ উক্ত ঘটনাৰ তিনি মাহ উকলি যোৱাৰ পিছতো পুনৰ ব্যৱসায়ীগৰাকীক KLO বিদ্ৰোহী সংগঠনৰ সদস্যই ধন দাবী কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
যোৱা 8 ছেপ্টেম্বৰৰ পুৱা KLO ৰ সদস্যই হোৱাটছআপ কল যোগে ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীক পুনৰ দুই লাখ টকাৰ ধন দাবী কৰে ৷ KLO য়ে পুনৰাই ধন দাবী কৰাত নিৰাপত্তাহীনতাত ভুগিছে ব্যৱসায়ীগৰাকী তথা তেওঁৰ পৰিয়াল ৷ উপায়ন্তৰ হৈ ব্যৱসায়ী সুনীল মণ্ডল আৰু তেওঁৰ পৰিয়ালে ঘৰবাৰী ত্যাগ কৰি নিৰাপদ স্থানলৈ পলায়ন কৰে ৷
জানিব পৰা মতে, সুনীল মণ্ডলে পৰিয়ালসহ সম্প্ৰতি গোসাইগাঁওস্থিত জীয়েকৰ ঘৰত আশ্ৰয় লৈ আছে ৷ সম্প্ৰতি ব্যৱসায়ী সুনীল মণ্ডলৰ ঘৰৰ আশে পাশে আৰক্ষী আৰু CRPF বাহিনীয়ে টহল দি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ ইপিনে উক্ত ঘটনা সংক্ৰান্তত ছেৰফাংগুৰীৰ আৰক্ষীয়ে শুকুৰবাৰে নিশাই দুজন KLO ৰ লিংক মেনক আটক কৰে (KLO involved in Serfanguri firing incident)৷
আটকাধীন কেইজন ক্ৰমে ছেফাংগুৰীৰ নাৰাবাৰীৰ বিষ্ণু ৰায় (23) আৰু তাপস ৰায় (21) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, সুনীল মণ্ডলক ধন দাবী আৰু গুলীওৱা ঘটনা সন্দৰ্ভত ইয়াৰ পূৰ্বেও অৰ্থাৎ 6 জুনত KLO ৰ এগৰাকী শীৰ্ষ সদস্যৰ মডেল ভগ্নীসহ 6 জনক আৰক্ষীয়ে আটক কৰিছিল ৷ ইয়াৰে ইতিমধ্যে উত্তম ৰায় আৰু নিখিল দাসৰ বাদে বাকী কেওজনে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : নিযুক্তি পৰীক্ষাত ঘনৰ লেনদেন হোৱা বুলি দাবী কৰা কোন এই ভিক্টৰ দাস ?