ETV Bharat / state

কোকৰাঝাৰৰ শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ত সজাগতা সভা - KOKRAJHAR

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ববীয়াসকলে তেওঁলোকৰ ভাষণত কয় যে বাধাৰ প্ৰাচীৰ নেওচি উচ্চশিক্ষাভিলাসী যিকোনো শিক্ষাৰ্থীয়ে এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত হৈ পৰক আৰু অত্যাধুনিক তথ্য-প্ৰযুক্তিৰে শিক্ষাৰ্থীৰ বাবে সকলো প্ৰকাৰৰ সুবিধা থকা গুণগত মানবিশিষ্ট স্ব-শিক্ষণ সামগ্ৰীৰে সকলোৱে গুণগত শিক্ষা গ্ৰহণ কৰক ৷

কোকৰাঝাৰৰ শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ত সজাগতা সভা
author img

By

Published : May 12, 2019, 8:43 PM IST

কোকৰাঝাৰ,12 মে’: মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ সম্প্ৰসাৰণ আৰু সংবৰ্ধনৰ উদ্দেশ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম কলেজ অধ্যয়ন কেন্দ্ৰৰ সহযোগত দেওবাৰে কোকৰাঝাৰৰ শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ত অনুষ্ঠিত হয় এখন সজাগতা সভা৷ এই সভাত উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক ড0 লিম্পন বৰা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড0 দেৱজিৎ গোস্বামী, সঞ্জীপ গিমিৰেকে আদি কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফকিৰাগ্ৰাম কলেজৰ সমন্বয়ক মনোজ কুমাৰ ব্ৰহ্ম, ফকিৰাগ্ৰাম কলেজৰ অধ্যক্ষ চান মিয়া আহমেদ, শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 পৰেশ চন্দ্ৰ ৰয়, চিথিলা হাইস্কুলৰ প্ৰধান শিক্ষক বিষ্ণু পদ শিল শৰ্মা আৰু শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ ৰায় প্ৰমুখ্যে ইয়াৰ বিষয়ববীয়া সকলৰ লগতে মহাবিদ্যালয়খনৰ কেইবাগৰাকী প্ৰবক্তা, ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু বহুকেইগৰাকী অভিভাৱক ৷ সভাত উপস্থিত থাকি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ববীয়াসকলে তেওঁলোকৰ ভাষণত কয় যে বাধাৰ প্ৰাচীৰ নেওচি উচ্চশিক্ষাভিলাসী যিকোনো শিক্ষাৰ্থীয়ে এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত হৈ পৰক আৰু অত্যাধুনিক তথ্য-প্ৰযুক্তিৰে শিক্ষাৰ্থীৰ বাবে সকলো প্ৰকাৰৰ সুবিধা থকা গুণগত মানবিশিষ্ট স্ব-শিক্ষণ সামগ্ৰীৰে সকলোৱে গুণগত শিক্ষা গ্ৰহণ কৰক ৷ ইপিনে চাকৰি, নিয়োজনকে ধৰি সকলো ক্ষেত্ৰতে এই বিশ্ববিদ্যালয়ৰ ডিগ্ৰীসমূহ সমপৰ্যায়ৰ আৰু এই ডিগ্ৰীসমূহ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বুলি উল্লেখ কৰি এই বিশ্ববিদ্যালয়ত বহুতৰে বাবে বিনামূলীয়া পাঠদানৰ ব্যৱস্থা থকাৰ সমান্তৰালকৈ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবেও ইয়াত বিশেষ ৰেহাইৰ ব্যৱস্থা থকাৰ কথা উল্লেখ কৰে ইয়াৰ বিষয়ববীয়াসকলে ৷

Intro:মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ সম্প্ৰসাৰণ আৰু সংবৰ্ধনৰ উদ্দেশ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম কলেজ অধ্যয়ন কেন্দ্ৰৰ সহযোগত দেওবাৰে কোকৰাঝাৰৰ শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সজাগতা সভা৷Body:এই সভাত উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক ড° লিম্পন বৰা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° দেৱজিৎ গোস্বামী, সঞ্জীপ গিমিৰেকে আদি কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফকিৰাগ্ৰাম কলেজৰ সমন্বয়ক মনোজ কুমাৰ ব্ৰহ্ম, ফকিৰাগ্ৰাম কলেজৰ অধ্যক্ষ চান মিয়া আহমেদ, শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰয়, চিথিলা হাইস্কুলৰ প্ৰধান শিক্ষক বিষ্ণু পদ শিল শৰ্মা আৰু শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ গোভাৰ্ণিং বডীৰ সভাপতি বীৰেন্দ্ৰ ৰায় প্ৰমুখ্যে ইয়াৰ বিষয়-ববীয়া সকলৰ লগতে মহাবিদ্যালয়খনৰ কেইবাগৰাকী প্ৰবক্তা, ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু বহুকেইগৰাকী অভিভাৱক৷Conclusion:সভাত উপস্থিত থাকি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ববীয়াসকলে তেওঁলোকৰ ভাষণত কয় যে বাধাৰ প্ৰাচীৰ নেওঁচি উচ্চ শিক্ষাভিলাসী যিকোনো শিক্ষাৰ্থীয়ে এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত হৈ পৰক আৰু অত্যাধুনিক তথ্য-প্ৰযুক্তিৰে শিক্ষাৰ্থীৰ বাবে সকলো প্ৰকাৰৰ সুবিধা থকা গুণগত মানবিশিষ্ট স্ব-শিক্ষণ সামগ্ৰীৰে সকলোৱে গুণগত শিক্ষা গ্ৰহণ কৰক৷ ইপিনে চাকৰি, নিয়োজনকে ধৰি সকলো ক্ষেত্ৰতে এই বিশ্ববিদ্যালয়ৰ ডিগ্ৰীসমূহ সমপৰ্যায়ৰ আৰু এই ডিগ্ৰীসমূহ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বুলি উল্লেখ কৰি এই বিশ্ববিদ্যালয়ত বহুতৰে বাবে বিনামূলীয়া পাঠদানৰ ব্যৱস্থা থকাৰ সমান্তৰালকৈ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবেও ইয়াত বিশেষ ৰেহাইৰ ব্যৱস্থা থকাৰ কথা উল্লেখ কৰে ইয়াৰ বিষয়-ববীয়াসকলে৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.