কোকৰাঝাৰ, 6 ডিচেম্বৰ: কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ (Rupnath Brahma Civil Hospital) পঁয়ালগা অৱস্থাৰ কথা সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয়খনত আকস্মিক পৰিদৰ্শন কৰে(Keshav Mahanta Sudden visit to RNB Hospital in Kokrajhar) । চিকিৎসালয়খনত সোমবাৰে সন্ধিয়া হঠাৎ স্বাস্থ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাত চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত হুৱাদুৱা লাগে ।
কেশৱ মহন্তৰ পৰিদৰ্শনৰ কথা অৱগত হৈ বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ খৰধৰকৈ চিকিৎসালয়খনত উপস্থিত হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, বিটিআৰ বিধান পৰিষদৰ সাতজনীয়া ষ্টেণ্ডিং কমিটিয়ে কিছুদিন পূৰ্বে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্যবিভাগৰ পঁয়ালগা অৱস্থা আঙুলিয়াই দিয়ে ৷ লগতে চিকিৎসালয়খনৰ দুৰাৱস্থাৰ বাবে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' জগৰীয়া বুলি মন্তব্য কৰাৰ পিছতেই স্বাস্থ্যমন্ত্ৰীগৰাকীৰ চাডেন ভিজিট যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে (Poor condition of RNB Civil Hospital) ।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰএনবি চিকিৎসালয়ৰ অধীক্ষক তথা কোকৰাঝাৰ মেডিকেল কলেজৰ যুটীয়া সচিব ডাঃ এ.এছ শৰ্মা, বিটিআৰৰ স্বাস্থ্য সঞ্চালক ডাঃ উমেশ ফাংচ' , আৰএনবি চিকিৎসালয়ৰ প্ৰশাসক চিন্ময় দাস আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ সৈতে অধীক্ষকৰ কোঠাত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । উক্ত বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰএনবি চিকিৎসালয়ৰ কাৰিকৰী অসুবিধাসমুহ দূৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । তদুপৰি মেডিকেল কলেজলৈ আৰএনবি চিকিৎসালয়ৰ কৰ্মচাৰীসকল স্থানান্তৰিত হোৱাৰ বিষয়টোৱে আলোচনাত স্থান লাভ কৰে ।
ইফালে সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত চিকিৎসালয়খনৰ কিছু সমস্যা আছে বুলি অকপটে স্বীকাৰ কৰি সমস্যা সমাধানৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে (Health Minister Keshav Mahanta) । আনহাতে কোকৰাঝাৰ মেডিকেল কলেজত যাতে অহা শিক্ষাবৰ্ষৰ পৰাই পাঠ্যক্ৰম আৰম্ভ কৰিব পাৰে তাৰ অনুমতি বিচাৰি মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়ালৈ আবেদন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে ।
কোকৰাঝাৰ মেডিকেল কলেজত কোকৰাঝাৰ আৰএনবি চিকিৎসালয়খন সংলগ্ন হ'ব আৰু তাৰবাবে খৰকতীয়া ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে । তদুপৰি খালী হৈ থকা যুটীয়া স্বাস্থ্য সঞ্চালকৰ পদসমূহ কেবিনেটৰ সিদ্ধান্ত অনুসৰি খুব কম সময়ৰ ভিতৰতেই পূৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ অহা জানুৱাৰী মাহৰ ভিতৰত ৰাজ্যত ৫০০তকৈ অধিক নতুন চিকিৎসক নিযুক্তি দিয়া হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ।
উল্লেখ্য যে, সোমবাৰে মন্ত্ৰী কেশৱ মহন্তই পোনপ্ৰথমে কোকৰাঝাৰৰ বেচৰগাঁৱত নিৰ্মিয়মান কোকৰাঝাৰ মেডিকেল কলেজ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় আৰু ইয়াৰ পিছতেই কোকৰাঝাৰ আৰএনবি চিকিৎসালয়খন হঠাৎ পৰিদৰ্শন কৰে ।
লগতে পঢ়ক: DU Ragging incident update; ৰাহুল ছেত্ৰীক আশ্ৰয় দিয়া সকলো তদন্তৰ আওতালৈ আহিব: শ্বেতাংগ মিশ্ৰ