কোকৰাঝাৰ, 11 আগষ্ট: বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ অব্যাহত আছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ৷ ইয়াৰ মাজতে ইউপিপিএল দললৈ মুক্ত সমৰ্থন আগবঢ়াইছে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিয়ে ৷ সোমবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক যৌথ সংবাদমেলত ইউপিপিএললৈ দললৈ মুক্ত সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সভাপতি প্ৰদীপ কুমাৰ ৰায় আৰু সম্পাদক উত্তম কুমাৰ ৰায়ে ৷ বিটিচিৰ 40 টা পৰিষদীয় সমষ্টিতে এই সমৰ্থন অব্যাহত থাকিব বুলি ঘোষণা কৰে নেতা দুগৰাকীয়ে ৷ উল্লেখ্য যে, বিগত 15 বছৰে কোচ ৰাজবংশী জনতা শোষণ বঞ্চনাৰ বলি হৈ অহাৰ কথা সদৰি কৰি, ইউপিপিএলৰ চৰকাৰ গঠন হোৱাৰ পিছতহে বিটিচিত শোষণ বঞ্চনাৰ অৱসান ঘটিব বুলি মন্তব্য কৰে নেতা দুগৰাকীয়ে ৷ লগতে ইউপিপিএলৰ স'তে অনুষ্ঠিত হোৱা কেইবালানি আলোচনাৰ পিছতহে সমৰ্থন দিয়াৰ কথা উল্লেখ কৰিছে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সভাপতি আৰু সম্পাদক দুগৰাকীয়ে ৷
উল্লেখ্য যে, ইউপিপিএলে চৰকাৰ গঠনৰ পিছতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ পৰা পৰা মনোনীত সদস্য নিযুক্তি দিয়া, বিটিএডিৰ বাহিৰত কোচ ৰাজবংশী স্বায়ত্বশাসিত পৰিষদ গঠনত সমৰ্থন দিয়া , কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰা , চিলাৰায় ভৱন নিৰ্মাণ কৰা আদি বিভিন্ন দাবী ৰাখিছে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিয়ে ৷ ইয়াৰ ওপৰিও আগন্তুক অসম আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ সহমত পোষণ কৰিছে দুয়োটা দলে । উল্লেখনীয় যে, সোমবাৰে অনুষ্ঠিত সংবাদমেলত উপস্থিত থকা ইউপিপিএল দলৰ উপ-সভানেত্ৰী প্ৰতিভা ব্ৰহ্মই আগন্তক বিটিচি নিৰ্বাচনত ইউপিপিএল দলে কমেও 30 খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ।
লগতে পঢ়কঃ কামপুৰত চৰকাৰী বিষয়াক ধন দাবী কৰি আটক এজন