কোকৰাঝাৰ, ৫ জানুৱাৰী : কোকৰাঝাৰৰ কচুগাঁৱত মঙলবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ খেলি থাকোতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় দুই শিশুৱে ৷ কোকৰাঝাৰ জিলাৰ কচুগাঁও থানাৰ অন্তৰ্গত নয়ানগৰ গাঁঁৱত মঙলবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনা ৷
জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লোৱা দুই শিশু ক্ৰমে অমিন্দ্ৰ কিস্কুৰ কন্যা আৰ্চিনা কিস্কু (৪) আৰু সোম হেমব্ৰমৰ পুত্ৰ মণিৰাম হেমব্ৰম (৫) বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে,মঙলবাৰে পুৱা ১১ মান বজাত দুই শিশুৱে খেলি থকা সময়তে কাষতে থকা মৰাপাটৰ শুকান ঠাৰিত জুইৰ সুত্ৰপাত ঘটে ৷ মুহুৰ্তৰ ভিতৰতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত পৰিয়াল তথা ওচৰ-চুবুৰীয়াই অগ্নি নিৰ্বাপন কৰি শিশু দুটাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও ইয়াৰ পূৰ্বেই অগ্নিদগ্ধ হৈ মৃত্যু হয় দুই শিশুৰ ৷
ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি কোকৰাঝাৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ এই ঘটনাৰ পাছতে এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ ৷
লগতে পঢ়ক : বাক্সাৰ মেছগুৰিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ