ETV Bharat / state

International Theatre Festival: কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰম্ভ

author img

By

Published : Jan 29, 2023, 2:54 PM IST

Updated : Jan 29, 2023, 3:27 PM IST

বিটিআৰৰ সদৰ কোকৰাঝাৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত শনিবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম মৈহুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৩(International Theatre Festival in Kokrajhar) ৷ নেপাল, শ্ৰীলংকাকে ধৰি দেশৰ তেৰটাকৈ প্ৰখ্যাত নাট্য গোষ্ঠীৰ অংশগ্ৰহণ কৰিছে এই নাট মহোৎসৱত ৷ নাট মহোৎসৱৰ শনিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে অসম নাট্য সন্মিলনৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট নাট্যকাৰ, অভিনেতা দুলাল ৰয়ে ৷

International Theatre Festival in Kokrajhar
শনিবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম মৈহুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ

কোকৰাঝাৰ,২৯ জানুবাৰী: লৌৰগী নাট্য গোষ্ঠীৰ উদ্যোগত তথা বিটিআৰ চাৰকাৰৰ সহযোগত পোনপ্ৰথমবাৰৰ সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰথম মৈহুৰ আন্তৰাষ্ট্ৰীয় নাট মহোৎসৱ(International Theatre Festival in Kokrajhar) ৷ শনিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনৰে নাট মহোৎসৱৰ শুভাৰম্ভ কৰে অসম নাট্য সন্মিলনৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট নাট্যকাৰ, অভিনেতা দুলাল ৰয়ে(First International Theater Festival in Kokrajhar) ৷ ইয়াৰ পূৰ্বে মহোৎসৱথলীত গাঁৱৰ আৰ্হিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা লৌৰগী থিয়েটাৰ ভিলেজৰ দ্বাৰ উদঘাটন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে(MLA Lawrence Islari) ৷

কোকৰাঝাৰৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় মহোৎসৱত বহিঃৰাষ্ট্ৰ শ্ৰীলংকা আৰু নেপালৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ১৩ টাকৈ প্ৰখ্যাত নাট্য গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ৷ প্ৰথম দিনা কেশৱ মুছাহাৰীৰ পৰিচালিত বড়ো ভাষাৰ প্ৰখ্যাত THOKON (লাখুঁটি) নাট্যখনৰে আন্তৰাষ্ট্ৰীয় মহোৎসৱৰ শুভাৰম্ভ কৰা হয় ৷ শনিবাৰে নিশা অনুষ্ঠিত বড়ো ভাষাৰ নাটকখনে দৰ্শকৰ বিশাল সঁহাৰি লাভ কৰে ৷

লগতে পঢ়ক: Morigaon Book fair 2023 : কুৰিখন গ্ৰন্থ উন্মোচনেৰে সামৰণি পৰিল মৰিগাঁও গ্ৰন্থমেলাৰ

ইফালে আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱ উদ্বোধন কৰি বিশিষ্ট নাট্যকাৰ অভিনেতা দুলাল ৰয়ে কোকৰাঝাৰত এনে এটা অনুষ্ঠান হোৱাত অভিভূত হৈ পৰা বুলি মত ব্যক্ত কৰে আৰু সমাজ জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰা নাট্যকলাক আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় ৷ নাটক হ’ল সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু সমাজৰ ছবি দাঙি ধৰাই নাটক বুলি উল্লেখ কৰি দুলাল ৰয়ে কয় যে এখন দাপোনে যেনেকৈ মানুহ এজনৰ ছবি প্ৰতিফলিত কৰে তেনেদৰে নাটকে সমাজৰ জীয়া ছবি দাঙি ধৰে ।

উল্লেখ্য যে, বহিঃৰাষ্ট্ৰৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাট্যদলক বডোফা সাংস্কৃতিক প্ৰকল্পতে গাঁৱৰ আৰ্হিত নিৰ্মাণ কৰা অস্থায়ী গাঁৱতে পঁজা ঘৰত ৰখা আৰু খোৱা মেলাৰ ব্যৱস্থা কৰা হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিল্পী ড৹ জনক ঝংকাৰ নাৰ্জাৰী, শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা সংগীত নাটক একাডেমীৰ সদস্যা শাৰদী শইকীয়া আৰু অভিনৱ থিয়েটাৰৰ সঞ্চালক দয়ালকৃষ্ণ নাথকে ধৰি বহু বিশিষ্ট্য নাট্যকাৰ তথা শিল্পী উপস্থিত থাকে ৷

লগতে পঢ়ক: Chandrapur elephant attack: পুত্ৰ জন্মদিনৰ দিনাই হাতীৰ গচকত মৃত্যু অভিযন্তা পিতৃৰ

Last Updated : Jan 29, 2023, 3:27 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.