![International Knowledge Festival at Bodoland University](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ad-01-kjr-internationalknowledgefestivals-photo-10044_27022023195432_2702f_1677507872_889.jpg)
কোকৰাঝাৰ, ২৮ ফেব্ৰুৱাৰী : কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ (International Knowledge Festival at Bodoland University) ৷ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা জ্ঞানৰ এই মহোৎসৱক লৈ ন কইনাৰ সাজেৰে সাজি-কাচি তোলা হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয় ৷ পুৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰে আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভ কৰে বিটিআৰৰ সচিৱ প্ৰধান অনুৰাগ গোৱেলে ৷ ইয়াৰ পাচতে বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিং ৷ জ্ঞান উৎসৱৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ চৌহদত এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে (BTR Chief Executive Member Pramod Boro) ৷
উল্লেখ্য যে , পূৰ্বোত্তৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত কালিৰে পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত দেশ-বিদেশৰ কেইবাগৰাকী প্ৰখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে । জ্ঞান মহোৎসৱত ইংলেণ্ড,জাৰ্মানী, ছুইডেন, ম্যানমাৰ, টাইৱান আদিকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী-বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে ৷ ইপিনে, দুপৰীয়া আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ উদ্বোধীন অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা বাংলাদেশৰ গ্ৰামীণ বিকাশ বেংকৰ প্ৰতিষ্ঠাতা, প্ৰখ্যাত অৰ্থনীতিবিদ তথা ন'বেল বঁটা বিজয়ী অধ্য়াপক মহম্মদ ইউনুছে (Nobel Laureate Professor Mohammad Younis) ৷
ভাষণ প্ৰসংগত ন'ৱেল বঁটা বিজয়ী মহম্মদ ইউনুছে কয় যে, যি শিক্ষাই মানুহক মৃত্যু বিভীষিকাৰ পৰা ৰক্ষা কৰিব নোৱাৰে, সেই শিক্ষাৰ প্ৰয়োজনীয়তা ক'ত ? ন'বেল বঁটা বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগৰ চিত্তাকৰ্ষক কাহিনী বৰ্ণনা কৰি কয় যে, মানুহে চাকৰি কৰিবলৈ জন্ম গ্ৰহণ কৰা নাই । মানুহ হ'ল সৃষ্টিশীল । জ্ঞান অকল চাকৰি কৰাৰ বাবে নহয় ,মানুহক পথ দেখুৱাই দিব পৰাটোহে আচল জ্ঞান । বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনুছে তিনিটা শুন্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সেয়া নাইকীয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । গোলকীয় উষ্ণতা শুন্য কৰা, চাকৰি বিচৰা মানুহ শুন্য কৰা আৰু দৰিদ্ৰতা শুন্য কৰাত গুৰুত্ব আৰোপ কৰে মহম্মদ ইউনুছে ।
![International Knowledge Festival at Bodoland University](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ad-01-kjr-internationalknowledgefestivals-photo-10044_27022023195432_2702f_1677507872_849.jpg)
উল্লেখ্য যে, কালি অনুষ্ঠিত জ্ঞান উৎসৱত বলিউডৰ প্ৰখ্যাত অভিনেতা বিবেক অৱেৰয়ে অংশগ্ৰহণ কৰি বড়োলেণ্ডে তেওঁলোকৰ ধাৰণা সলনি কৰা বুলি কয় (Actor Vivek Oberoi)। এই মহোৎসৱৰ উচ্চ প্ৰশংসা কৰে প্ৰখ্যাত অভিনেতা বিবেক অৱেৰয়ে । উদ্বোধনী অনুষ্ঠানত পদ্মশ্ৰী বঁটাপ্ৰাপক তথা বিশিষ্ট উদ্যোগপতি সবজিভাই ঢোলকীয়া, লাডাখৰ বিজ্ঞানী সোনম ওৱাংচুক, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ভূটানৰ কনছুলেট জেনেৰেল জিগমে থিনলে ন্যামগেল, ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিটিআৰৰ কেইবাগৰাকী বিধায়ক উপস্থিত থাকে ৷
লগতে পঢ়ক:Tiger Terror at Kaliabor: কলিয়াবৰত বনৰজাৰ সন্ত্ৰাসৰ বিপৰীতে কাজিৰঙাত বনৰজা-হাতীৰ বন্ধুত্ব