কোকৰাঝাৰ ,১৫আগষ্ট: দেশবাসীয়ে বৰ্ষজোৰাকৈ ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ(Azadi ka Amrit Mahotsav)সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সোমবাৰে পালন কৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th Years of Independence)। ইয়াৰ সৈতে সংগতি ৰাখি বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰতো পালন কৰা হয় দেশৰ স্বাধীনতা দিৱস(Independence day celebration in Kokrajhar)।
কাৰ্যসূচী অনুসৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে(BTR Chief Pramod Boro hoisted national flag)। জাতীয় পতাকা উত্তোলন কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় বড়োৱে আজিৰ দিনটোক ঐতিহাসিক বুলি মন্তব্য কৰি স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । ইয়াৰ পিছতে বড়োৱে ভাষণ প্ৰসংগত সশস্ত্ৰ সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰি আহিবলৈকো আহ্বান জনায় । লগতে বিটিআৰৰ উন্নয়নমূলক কাম-কাজৰ খতিয়ানো দাঙি ধৰিলে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য়গৰাকীয়ে অসম আৰক্ষী, চিআৰপিএফ, গৃহৰক্ষী বাহিনী, অসম আৰক্ষীৰ বেটেলিয়ন, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে । স্বাধীনতা দিৱসৰ উক্ত কাৰ্যসূচীত বিটিআৰ বিধান পৰিষদীয়ৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক লৰেন্স ইছলাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, নিলুৎ স্বৰ্গীয়াৰী, জিলা উপাযুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুৱে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:গুৱাহাটীস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যালয়ত স্বাধীনতা দিৱস পালন