কোকৰাঝাৰ ৪ জুন : কৰ’ণা মহামাৰীৰ ত্ৰাসৰ মাজতে ৰাজ্যত অব্যাহত আছে বিলাতী সুৰাৰ অবৈধ বেহা । চৰকাৰে অবৈধ বেহা আৰু দূৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ জাৰি কৰিছে যদিও একাংশ ব্যৱসায়ীয়ে বিনা দ্বিধাই প্ৰশাসনক বুঢ়াআঙুলি দেখুৱাই চলাই গৈছে সুৰাৰ অবৈধ বেহা ।
ইয়াৰ মাজতে শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অসম-পশ্চিমবংগ সীমান্তৱৰ্তী শিমুলটাপুত আৰক্ষীয়ে 325 কাৰ্টন অবৈধ বিলাতী সুৰাসহ এখন কণ্টেইনাৰ ট্ৰাক জব্দ কৰে ৷ শিমুলটাপু আৰক্ষীয়ে অসম-পশ্চিমবংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰ আন্ত:ৰাজ্যিক তালাচী চকীত তালাচী চলাই অবৈধভাৱে কঢ়িয়াই অনা বিলাতী সুৰাসহ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত তথ্য মতে, এক গোপন খবৰৰ ভিত্তিত শিমুলটাপু আৰক্ষীয়ে শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা পশ্চিমবংগৰ শিলিগুৰী অভিমুখে আহি থকা NL- 01- Q - 1691 নম্বৰৰ বিস্কুট কঢ়িওৱা এখন কণ্টেইনাৰ ট্ৰাকত তালাচী চলায় ৷
তালাচী চলাওতে কণ্টেইনাৰ ট্ৰাকখনৰ এটা গোপন চেম্বাৰৰ পৰা 325 কাৰ্টন সুৰা জব্দ কৰে ৷ এই সুৰাখিনি সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : মানাহৰ বুকুত বিলীন হোৱাৰ দিশে অভয়াপুৰীৰ গোলাপাৰা