কোকৰাঝাৰ, ২৫ মাৰ্চ: কৰ'ণা ভাইৰাচ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনক আদৰণি জনাই হাগ্ৰামা মহিলাৰীয়ে । প্ৰধানমন্ত্ৰীৰ আহ্বানক সম্পূৰ্ণৰূপে পালন কৰি কৰ'ণা ভাইৰাচৰ পৰা মুক্ত হ'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাই বিটিচি অঞ্চলৰ শ্ৰমজীৱি ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি 5,50000 পৰিয়ালক বিনামূলীয়া ৰেচন দিয়া হ'ব বুলি বুধবাৰে সংবাদমেলযোগে ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ।
বুধবাৰে কোকৰাঝাৰ গৌৰাং ভেলী হোটেলত অনুষ্ঠিত হোৱা এক সংবাদমেলত বিটিচি প্ৰধান হাগ্ৰমা মহিলাৰীয়ে বিটিচিত বাস কৰা ৯ লাখ ৬৪ হাজাৰ 300ৰো অধিক পৰিয়ালৰ ভিতৰত 5,50000 পৰিয়ালক প্ৰথম পৰ্যায়ত বিনামূলীয়া ৰেচন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ।
শ্ৰমজীৱি লোকসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ ২১ দিনীয়া সময়ছোৱাত বিটিচিৰ 5,50000 ২৫ কিলোগ্ৰাম কৈ চাউল , দুই কিল'গ্ৰামকৈ দাইল ,আধা লিটাৰকৈ মিঠাতেল আৰু নিমখ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে । যিহেতু বিটিচি অঞ্চলত দিনমজুৰী কৰি খোৱা অসংখ্য লোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা চৰকাৰৰ উদ্যোগত ঘৰে ঘৰে বিনামূলীয়া ৰেচনৰ ব্যৱস্থা কৰা হ'ব বুলি সদৰি কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷
লগতে পঢ়কঃ লক ডাউনত সহযোগ কৰিবলৈ অনুৰোধ অমিতাভ বচ্চনৰ
ৰেচনৰ বাবে নিদিষ্ট ঠাইত সমাগমৰ প্ৰয়োজন নাই বৰং চৰকাৰীভাৱে ঘৰে ঘৰে ৰেচনৰ যোগান ধৰা হ'ব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে ৰাইজক বিনামূলীয়াকৈ ১০ লাখ মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰা হ'ব বুলি সদৰি কৰে বিটিছি প্ৰধানগৰাকীয়ে । কৰ'ণা ভাইৰাচৰ পৰা মুক্ত হোৱাই চৰকাৰৰ প্ৰধান লক্ষ্য আৰু প্ৰধানমন্ত্ৰীৰ আদেশ জনসাধাৰণে মানি চলিব বুলি সংবাদমেলৰ জৰিয়তে হাগ্ৰামা মহিলাৰীয়ে আশা প্ৰকাশ কৰে ।