ETV Bharat / state

160 গৰাকী পৰীক্ষাৰ্থীৰ মাজত উত্তীৰ্ণ মাত্ৰ 24 গৰাকী: প্ৰতিবাদত নামিল শিক্ষাৰ্থী - HSLC result

মেট্ৰিকৰ ফলাফলক লৈ কোকৰাঝাৰৰ ডি এন হিমৎ সিঙকা হাইস্কুলত উত্তপ্ত পৰিস্থিতি ৷ ১৬০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাথো ২৪ গৰাকীহে উত্তীৰ্ণ হোৱাত প্ৰতিবাদত নামি পৰে অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল ৷

higher number of unsuccessfull hslc candidate made students go for protest against school
160 মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজত উত্তীৰ্ণ মাত্ৰ 24 :প্ৰতিবাদত শিক্ষাৰ্থী
author img

By

Published : Jul 31, 2021, 1:13 PM IST

কোকৰাঝাৰ, 31 জুলাই : শুকুৰবাৰে মাধ্যমিক শিক্ষা পৰিষদে (SEBA) ঘোষণা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ৰ ফলাফল ৷ পিছে, এই ফলাফলক লৈ কোকৰাঝাৰ চহৰৰ ডিএন হিম্মৎ সিঙকা হাইস্কুল(DN Himmat Singhka high school)ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিদ্যালয়খনৰ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাথো ২৪ গৰাকীহে উত্তীৰ্ণ হোৱাত অনুত্তীর্ণ ছাত্ৰ-ছাত্ৰীৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷

160 মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজত উত্তীৰ্ণ মাত্ৰ 24 :প্ৰতিবাদত শিক্ষাৰ্থী

ফলাফলত ক্ষুন্ন হৈ প্ৰতিবাদত নামি পৰে ছাত্ৰ-ছাত্ৰীসকল । আনকি, প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলে হাইস্কুলখনৰ চৌহদত ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটায় । অৱশেষত, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তৃপক্ষই আৰক্ষী পৰ্যন্ত মোতায়ন কৰিবলগীয়া হয় ।

ইফালে, কোকৰাঝাৰ চহৰৰ ডি এন হিমৎ সিঙকা হাইস্কুলৰ ৮০ শতাংশ পৰীক্ষাৰ্থীয়ে শুকুৰবাৰে ঘোষণা হোৱা ফলাফলত অনুতীৰ্ণ হোৱাৰ ঘটনাকলৈ সৰ্বত্ৰ চৰ্চা হৈছে । সমগ্ৰ বিষয়টো বুজ ল’বলৈ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপাযুক্ত বিদ্যালয়খনত উপস্থিত হয় আৰু ক্ষোভিত ছাত্ৰ ছাত্ৰীসকলক সান্তনা দিয়ে ৷

higher number of unsuccessfull hslc candidate made students go for protest against school
প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক

ইপিনে, পৰীক্ষা বিহীন মেট্ৰিকৰ ফলাফল অনুসৰি কোকৰাঝাৰ জিলাত সৰ্বমুঠ ১৫৫৫১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ হাৰ ৯২.৪৪ শতাংশ । জিলাখনত ১৬৮২৩ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ইয়াৰ ভিতৰত ২০২৯ জনে প্ৰথম বিভাগ , ৬০৯৮ জনে দ্বিতীয় বিভাগ , ৭৪২৪ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ।

লগতে পঢ়ক : সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল: কৃষিমন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.