ETV Bharat / state

ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে ক’ভিড যোদ্ধাক দুৰ্ব্যৱহাৰৰ অভিযোগ - স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক

যিটো সময়ত ব্যাপক হাৰত কোকৰাঝাৰত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়ংকৰ সামাজিক সংক্ৰমণ । তেনে সময়তে দিনে নিশাই ক’ভিড পৰীক্ষাত কৰ্মৰত ক’ভিড যোদ্ধা তথা স্বাস্থ্যকৰ্মীৰ ওপৰত দুৰ্ব্যৱহাৰৰ অভিযোগ উঠিছে কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দ্বীপেন বৰ্মনৰ বিৰুদ্ধে । ৰাজহুৱাকৈ ক্ষমা নিবিচাৰিলে কৰ্মবিৰতিৰ হুংকাৰ ক’ভিড যোদ্ধাৰ ৷

govt officer missbehaves medical team at kokrajhar
ক’ভিদ যোদ্ধাক দু-ব্যৱহাৰ অভিযোগ এগৰাকী ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে
author img

By

Published : Aug 7, 2020, 8:01 PM IST

কোকৰাঝাৰ, 7আগষ্টঃ দৈনন্দিন কৰ্ম হিচাপে শুকুৰবাৰে কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এটা স্বাস্থ্যকৰ্মী দলে ক’ভিড পৰীক্ষা কৰিবলৈ গৈ কৰ্ম আৰম্ভণিহে কৰিছিল । ৰেপিড এন্টিজেন টেষ্ট চমুকৈ "RAT" পৰীক্ষা আৰম্ভ কৰা লগে লগেই এগৰাকী লোকৰ দেহত পজিটিভ ধৰা পৰিল । তেতিয়াই সৃষ্টি হয় হুলস্থুল পৰিৱেশ । তেনে সময়তে ৰাজহ চক্ৰ বিষয়া দ্বিপেন বৰ্মনে ক’ভিড যোদ্ধা তথা স্বাস্থ্যকৰ্মী সকলক "Get out" শব্দৰে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷

ক’ভিদ যোদ্ধাক দু-ব্যৱহাৰ অভিযোগ এগৰাকী ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে

ইপিনে স্বাস্থ্যকৰ্মী সকলে ক্ষুদ্ধ হৈ ক’ভিড পৰীক্ষা কৰ্ম বিৰতি পালন কৰে । ক’ভিড যোদ্ধা তথা স্বাস্থ্যকৰ্মী সকলে কৰ্মৰ পৰা আঁতৰত থাকি এই খবৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক অৱগত কৰে আৰু দুৰ্ব্যৱহাৰ কৰা ৰাজহ চক্ৰ বিষয়াই ৰাজহুৱাকৈ আৰু লিখিতভাৱে ক্ষমা নিবিচাৰিলে শুকুৰবাৰৰ পৰা কৰ্ম বিৰতিৰ সকীয়নী প্ৰদান কৰে । এগৰাকী গুৰু দায়িত্ব থকা বিষয়াই এনেদৰে যদি ব্যৱহাৰ কৰে তেন্তে সাধাৰণ ৰাইজৰ মাজত গৈ কেনেকৈ ক’ভিড পৰীক্ষা কৰিব সেয়া লক্ষণীয় বিষয় হৈ পৰিছে ।

আনফালে, এই অভিযোগক নাকচ কৰিছে জিলা ৰাজহ চক্ৰবিষয়া দ্বীপেন বৰ্মনে ৷ স্বাস্থ্যকৰ্মীৰ ওপৰত কোনো ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে তেওঁ ৷ কেৱল কোৱাৰেন্টাইন জ’নৰ পৰা মাটি আনি জিলা চক্ৰ বিষয়া কাৰ্যালয়ত স্বাৱ টেষ্ট কৰাৰ ওপৰতহে বিৰোধ কৰিছিল বুলি স্পষ্ট কৰে বিষয়া গৰাকীয়ে ৷ যি জনৰ ক’ভিড-19 পজিটিভ পাইছে সেই লোকে জিলা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত নহয় আৰু তেখেতক স্বাস্থ্যকৰ্মীয়ে মাটি আনি টেষ্ট কৰিছিল ফলত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজতহে বিৰোধৰ সৃষ্টি হৈছিল বুলি কয় কৰে চক্ৰ বিষয়া বৰ্মনে ৷

লগতে পঢ়কঃ খাৰুপেটীয়াত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত দুই বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.