ETV Bharat / state

চিকিৎসকবিহীন চিকিৎসালয়ঃ কি চলিছে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য সেৱাত - চিকিৎসকবিহীন

শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে চিকিৎসালয়ে চিকিৎসালয়ে ছাডেন ভিজিট দি সংবাদ মাধ্যমত বাহ-বাহ লৈ আছে ৷ কিন্তু ৰাজ্যত এতিয়াও এনে বহু চিকিৎসালয় আছে যি নামতহে চিকিৎসালয়, কিন্তু কামত একো নাই ৷ বেছিভাগেই গ্ৰাম্য অঞ্চলত থকা এইসমূহ চিকিৎসালয়ত স্বাস্থ্য সেৱা বিছাৰি হাহাকাৰ কৰিছে ৰোগীয়ে ৷ আজি আমি লৈ যাম তেনে এখন স্বাস্থ্যকেন্দ্ৰলৈ য'ত স্বাস্থ্য সেৱাৰ নামত মাত্ৰ এগৰাকী ঠিকাভিত্তিক আয়ুৰ্বেদিক চিকিৎসকে চলাই গৈছে চিকিৎসা তথা স্বাস্থ্য সেৱা ৷

ভাওৰাগুৰি ত্ৰিশখন বিছনা যুক্ত চিকিৎসালয়
author img

By

Published : Jun 29, 2019, 5:48 PM IST

গোসাইগাঁও, 29 জুনঃ জনতাৰ স্বাস্থ্যসেৱাৰ নামত চৰকাৰে বছৰি আঁচনি প্ৰস্তুত কৰি খৰচ কৰি আহিছে কোটি কোটি টকা ৷ কিন্তু বাস্তৱত এই সেৱা লাভৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ৰাজ্যৰ বহু গ্ৰামাঞ্চল ৷

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অতিকে ব্যস্ত এখন চিকিৎসালয় হৈছে ভাওৰাগুৰি ত্ৰিশখন বিছনা যুক্ত চিকিৎসালয় ৷ সম্প্ৰতি চিকিৎসকৰ অভাৱত জুৰুলা হোৱাই নহয় বন্ধ হোৱাৰ পথত অগ্ৰসৰ হৈছে চিকিৎসালয়খন ৷ প্ৰথমে 12খন বিচনাযুক্ত চিকিৎসালয়খন প্ৰয়োজন অনুসৰি 30খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হয় ৷ কিন্তু বৰ্তমানেও চিকিৎসালয়খনত অভাৱ বহু প্ৰয়োজনীয় সামগ্ৰীকে ধৰি চিকিৎসক আৰু নাৰ্ছ তথা অন্যান্য চিকিৎসাকৰ্মীৰ ৷

চিকিৎসালয়খন স্থাপনৰ পিচতে নব্বৈ দশকতে নিযুক্তি দিয়া হৈছিল এগৰাকী এম বি বি এছ চিকিৎসক ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে, বৰ্তমানে ৰোগীৰ অনুপাতে চাৰি-পাঁচগৰাকী চিকিৎসকৰ প্ৰয়োজন হৈ থকা চিকিৎসালয়খনত নাই এগৰাকীও স্থায়ী চিকিৎসক ৷ বৃহত্তৰ অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ একমাত্ৰ অনুষ্ঠানখনত শীঘ্ৰেই উপযুক্ত পৰিমানে চিকিৎসক তথা চিকিৎসাকৰ্মী নিযুক্তি দিবলৈ স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ জনাইয়ো বিফল হৈ পৰিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে বিভিন্ন স্বাস্থ্যকেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্যখণ্ডৰ উন্নতিৰ ফটা ঢোল বজাই আছে যদিও বাস্তৱক্ষেত্ৰত এইদৰেই চলিছে ৰাজ্যৰ স্বাস্থ্যখণ্ড ৷

চিকিৎসকবিহীন চিকিৎসালয়ঃ কি চলিছে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য সেৱাত

Intro:Story -- : গোসাঁইগাঁৱত স্বাস্হ্য সেৱাৰ ফপোলা স্বৰূপ : চিকিৎসক বিহীনভাৱে চলিছে ভাওৰাগুৰি ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয় : এগৰাকী আয়ুৰ্বেদিক চিকিৎসকে চলাইছে চিকিৎসা : চিকিৎসকৰ অভাৱত জীয়াতু ভুগিছে ৰাইজ :

Anchore :- এশ এবুৰি সমস্যাৰ মাজত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা অতি কৈ গুৰুত্বপূৰ্ণ ভাওৰাগুৰি ত্ৰিশ খন বিছনা যুক্ত চিকিৎসালয়। এগৰাকী আয়ুৰ্বেদিক চিকিৎসকে দীৰ্ঘদিন ধৰি চলাইছে চিকিৎসা সেৱা। চিকিৎসকৰ অভাৱত ভুগিছে ৰাইজে।
Body:

S/O :- স্বাস্হ্য বিভাগৰ উন্নতি সাধন কৰিবলৈ আৰু সাধাৰণ জনতাক উপযুক্ত চিকিৎসা সেৱা দিয়াৰ উদ্দেশ্য অসম চৰকাৰৰ স্বাস্হ্য বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰে বছৰি বিভিন্ন আঁচনিৰ নামত কোটি কোটি টকা ব্যয় কৰিছে যদিও বাস্তৱত ইয়াৰ যি সেৱা আৰু সুবিধা গ্ৰাম্য অঞ্চলৰ ৰাইজে আজিও লাভ কৰা নাই। ফলত আজিও গ্ৰাম্য অঞ্চলৰ সাধাৰণ মানুহে বেজ, কবিৰাজ আৰু ব্যক্তিগত ঔষতৰ দোকান আৰু গাঁৱলীয়া ডাক্তৰৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে। ইয়াৰ জ্বলন্ত উদাহৰণ গোসাঁইগাঁবৰ ভাওৰাগুৰি ত্ৰিশখন বিছনা যুক্ত চিকিৎসা কেন্দ্ৰটো। গোসাঁইগাঁৱৰ ভাওৰাগুৰি ত্ৰিশখন বিছনা যুক্ত চিকিৎসালয়খন সম্প্ৰতি চিকিৎসকৰ অভাৱত জৰুলা হোৱাই নহয় বন্ধ হোৱাৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাইজৰ অভিমত। পূৰ্বতে ১২ খন বিছনা যুক্ত আছিল যদিও পিছত প্ৰয়োজন অনুসৰি ইয়াক সম্প্ৰসাৰণ কৰি ত্ৰিশখন বিছনা যুক্ত চিকিৎসালয় লৈ উন্নীত কৰণ কৰা হয়। কিন্তু ৰাইজৰ আৱশ্যক অনুসৰি চিকিৎসা কেন্দ্ৰৰ উন্নতি সাধন কৰা হল যদিও বাস্তৱত ইয়াৰ সমস্যা থাকি গল। চিকিৎসালয় খন দেখিবলৈ ধুনীয়া আৰু আহল বহল কিন্তু চিকিৎসা কৰিবলৈ নাই প্ৰয়োজনী চিকিৎসক ,নাৰ্চ আৰু অন্যান্য বিষয়া কৰ্মচাৰী। কেৱল চৰকাৰী ফাইলত চলিছে এইখন চিকিৎসালয়। এই অভিযোগ বৃহত্তৰ ভাওৰাগুৰি অঞ্চলৰ ৰাইজৰ অভিযোগ। অঞ্চলটোৰ ৰাইজে সাংবাদিকৰ আগত নিজৰ ক্ষোভ আৰু দুখৰে প্ৰকাশ কৰি কয় যে চিকিৎসালয় খন স্থাপনৰ পিছত এগৰাকী এম বি বি এছ চিকিৎসক নিযুক্তি দিয়া হৈছিল। সেয়া নব্বৈ দশকৰ কথা । ইয়াৰ পিছৰ পৰাই আজিলৈ এইখন চিকিৎসালয়ত নাই এগৰাকী এম বি বি এছ চিকিৎসক । ত্ৰিশখন বিছনা যুক্ত এখন চৰকাৰী চিকিৎসালয়ত থাকিব লগীয়া অন্যান্য বিভাগৰ চিকিৎসকৰ কথা বাদেই আজি ২৫ - ৩০ বছৰে নাই এম বি বি এছ ডাক্তৰ। যত কমেও চাৰি পাঁচ গৰাকী চিকিৎসকৰ প্ৰয়োজন সেইখন চিকিৎসালয়ত মাত্ৰ এগৰাকী চিকিৎসকে দিনে নিশাই ৰাইজক চিকিৎসা সেৱা আগবঢ়াই আহিছে।সেয়াও হৈছে আয়ুৰ্বেদিক চিকিৎসক ।Conclusion:চিকিৎসালয় খনত শিশু, মহিলা ,চকু, চৰ্ম আদি কৰি অন্যান্য বিভাগৰ বিশেষজ্ঞ চিকিৎসক বাদেই নাই এগৰাকী মেডিচিন বিশেষজ্ঞ চিকিৎসক । এনেকৈ চলিছে এখন চৰকাৰী চিকিৎসা কেন্দ্ৰ। ভাওৰাগুৰি চিকিৎসা কেন্দ্ৰত চিকিৎসকৰ নাটনি হোৱাই নহয় অন্যান্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ নাটনি থকাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰয়োজনীয় চিকিৎসক নথকাত চিকিৎসালয় খনত ৰোগীৰ উপস্থিতি একেবাৰে সেৰেঙা আৰু গৰ্ভৱতী মহিলাৰ বাবে আছুতীয়া কৈ থকা কোঠালী সমূহ অধিকাংশ দিনে বন্ধ থাকে। ইয়াৰ উপৰি উক্ত চিকিৎসা কেন্দ্ৰত নাই এখন ১০৮, ১০২ সেৱাৰ এম্বুলেন্স গাড়ী। পূৰ্বতে এখন ১০৮ আছিল যদিও সেয়া বহু দিনৰ পৰাই নাই।

Byte :- গাঁৱৰ ৰাইজ।

বিশ্বজিৎ চৌধুৰী,গোসাইগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.