ETV Bharat / state

নাৰী দিৱসত গোসাইগাঁৱৰ এগৰাকী স্বাৱলম্বী নাৰীৰ কথাৰে... - Goshaigaon Mrinalini Deka Kalita self-dependent with her shop

আজি বিশ্ব নাৰী দিবস ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ উদ্যোগত উদযাপিত হৈ থকা নাৰী দিৱসৰ দিনা চৰ্চালৈ আহিছে এগৰাকী বিশেষ নাৰী ৷

গোঁসাইগাঁৱৰ মৃণালিনী ডেকা কলিতা..
গোঁসাইগাঁৱৰ মৃণালিনী ডেকা কলিতা..
author img

By

Published : Mar 8, 2020, 5:40 PM IST

Updated : Mar 8, 2020, 7:45 PM IST

গোসাইগাঁও, 8 মাৰ্চ: গোসাঁইগাঁও সদৰ চহৰত সাঁচতীয়া 10,000 টকাৰে মেখেলাচাদৰ বিক্ৰী কৰি কালক্ৰমত এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰি বৰ্তমান পৰিয়াল পোহপাল দি আছে মৃণালিনী ডেকা কলিতা নামৰ এগৰাকী মহিলাই ৷ এগৰাকী উচ্চ শিক্ষিতা হৈয়ো চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি সময় আৰু টকা অপচয় কৰাৰ বিপৰীতে ২০০৯ চনতে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে মহিলাগৰাকীয়ে ৷

মৃনালিনী ডেকা বিবাহ সূত্ৰে মঙলদৈ চহৰৰ পৰা গোঁসাইগাঁও লৈ আহে ৷ বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মহিলাগৰাকীৰ স্বামী এখন ভেঞ্চাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক যদিও সময়ত উপযুক্ত দৰমহা নোপোৱাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈ আহিছিল পৰিয়াটো ৷ মৃনালিনী ডেকা আৰু স্বামীৰ বাবে সংসাৰ চলোৱা যথেষ্ট কষ্টকৰ হৈ পৰিছিল ৷ ফলত সাঁচতীয়া ধনেৰে মৃণালিনী ডেকাই নিজ গৃহতে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে ৷

নাৰী দিৱসত গোসাইগাঁৱৰ এগৰাকী স্বাৱলম্বী নাৰীৰ কথাৰে..

মহিলাগৰাকীয়ে পৰৱৰ্তী সময়ত গোঁসাইগাঁও সদৰ চহৰত ঘৰ ভাড়া লৈ ব্যৱসায়টো ভালদৰে আৰম্ভ কৰে আৰু ফলস্বৰূপে ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে মৃনালিনী ডেকাই ৷ বৰ্তমান সময়ত এই ব্যৱসায়ৰ পৰা উপাৰ্জন কৰা ধনেৰে মৃনালিনী ডেকাই সংসাৰ চলোৱা, সন্তানৰ শিক্ষা সকলো নিয়াৰিকৈ চলাই নিবলৈ সক্ষম হৈছে ৷ কিন্তু সাম্প্ৰতিক সময়ত অনলাইন ব্যৱসায়ে মহিলাগৰাকীৰ ব্যৱসায়ত কিছু ক্ষতি কৰিছে যদিও নিৰাশ হোৱা নাই মৃনালিনী ডেকা কলিতা ৷

লগতে পঢ়কঃ সুদীৰ্ঘ 10 দিনৰ পিচত ঘৰলৈ উভতিল জুবিন গাৰ্গ

অদ্যপি চৰকাৰৰ তৰফৰ পৰা কোনো সাহাৰ্য লাভ নকৰা মহিলাগৰাকীক চৰকাৰে কিছু পুঁজি যোগান ধৰিলে আৰু হয়তো আগন্তুক দিনত নিজ ব্যৱসায়টোৰ ক্ষেত্ৰত অধিক উন্নতি কৰিব পাৰিলে হেতেন বুলি আশা প্ৰকাশ কৰে মৃনালিনী ডেকা কলিতাই ৷ আজিৰ তাৰিখত চৰকাৰী চাকৰিৰ আশাত সময় নষ্ট নকৰি নাৰী সমাজক যিকোনো কৰ্মৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনাইছে মৃনালিনী ডেকাই ৷ বিশ্ব নাৰী দিৱসৰ দিনা চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে নাৰী দিৱস উদযাপন কৰাৰ নামত জাকজমকতাৰে লাখ লাখ টকা খৰচ নকৰি নাৰী সৱলীকৰণৰ বাবে উপযুক্ত আঁচনি গ্ৰহন কৰিলে প্ৰকৃতাৰ্থত নাৰী দিৱসৰ অৰ্থ সাৰ্থক হ’ব বুলি নিজৰ মত প্ৰকাশ কৰে মৃনালিনী ডেকা কলিতাই ৷

Last Updated : Mar 8, 2020, 7:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.