কোকৰাঝাৰ,21 এপ্ৰিল: বিশ্ব জুৰি অব্যাহত আছে কৰ'ণা মহামাৰীৰ সন্ত্ৰাস ৷ এই ভয়াৱহ মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত দেশজুৰি অব্যাহত আছে লক ডাউন ৷ এই লক ডাউনৰ সময়ছোৱাত এতিয়া দুবেলা-দুমুঠি অন্নৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশৰ এক বৃহৎ সংখ্যক দৰিদ্ৰ লোকৰ মাজত ৷ দেশৰ এই জটিল সময়ছোৱাত আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দেশৰ বহু বেচৰকাৰী সংস্থা,দল সংগঠনৰ লগতে একাংশ সচেতন লোক ৷ সেই লোকৰ মহানুভতাৰ বাবেই দুবেলা দুমুঠি অন্ন লাভ কৰিছৰ শ শ দুৰ্ভগীয়া পৰিয়ালে ৷
উল্লেখ্য যে,এই জটিল সময়ত আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে কোকৰাঝাৰ জিলাৰ চিঠিলাৰ এজন ব্যৱসায়ী সুকুমাৰ দেৱনাথ ৷ ব্যৱসায়ীজনে নিজাববীয়া প্ৰচেষ্টাত 25 খন গাঁৱত প্ৰায় এক হাজাৰটাকৈ অতি দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল,দাইল,আতা,মিঠাতেল,চাবোন,বিস্কুত,কেঁচা পাচলি আদিকে ধৰি নিত্য প্ৰয়োজনীয় বহু খাদ্য সামগ্ৰী ৷ ব্যৱসায়ীজনৰ এই প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে সকলোৱে ৷ আনহাতে কোকৰাঝাৰ বাথৌ ট্ৰেডিচনেল এণ্ড কালচাৰেল চেণ্টাৰেও কোকৰাঝাৰৰ বিষমুৰীৰ একাংশ দৰিদ্ৰ পৰিয়াল মাজত বিতৰণ কৰে খাদ্যসামগ্ৰী লগতে ডেটল,হেণ্ড ৱাছ আৰু মাস্ক ৷
লগতে পঢ়কঃ নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিহু