ETV Bharat / state

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ - কণ্টেইনাৰ ট্ৰাক

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই 534 কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 10 লক্ষাধিক টকা হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

author img

By

Published : Apr 30, 2021, 7:21 PM IST

কোকৰাঝাৰ ৩০ এপ্ৰিল: কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এখন কণ্টেইনাৰ ট্ৰাকত লুকুৱাই অনা অৱস্থাত শিমুলটাপু আৰক্ষীয়ে এই বৃহৎ পৰিমানৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে গাঞ্জাখিনি কঢ়িয়াই অনা এন-এল-01-কে- বি-3294 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনো আৰক্ষীয়ে জব্দ কৰে ।

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত শিমুলটাপু আৰক্ষীয়ে শুকুৰবাৰে বিয়লী দুই মান বজাত শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান আৰম্ভ কৰে ৷ অভিযানকালত আৰক্ষীয়ে অসম বংগ সীমান্তৰ ডামৰাপাৰাত কণ্টেইনাৰ ট্ৰাক এখন প্ৰত্যক্ষ কৰি সন্দেহ হোৱাত ট্ৰাকখনত তলাচী চলায় । ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে গাঞ্জাৰ 33 টা পেকেট জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত 534 কিলোগ্ৰাম ওজনৰ গাঞ্জা খিনিৰ বজাৰ মূল্য 10 লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ ইপিনে দূৰৈৰ পৰা আৰক্ষীক প্ৰত্যক্ষ কৰি গাঞ্জা কঢ়িয়াই অনা ট্ৰাকখনৰ চালকজন আৰক্ষী আহি পোৱাৰ আগতে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ পুনৰ আলফা(স্বা)ৰ দুই সদস্যৰ আত্মসমৰ্পন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.