কোকৰাঝাৰ, ২৯ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বছৰৰ দ্বিতীয়টো বানে বিস্তৰ ক্ষতি সাধন কৰিছে কোকৰাঝাৰবাসীকো (Flood in Kokrajhar) ৷ পূৰ্বতকৈ কোকৰাঝাৰৰ বান পৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও বৰ্তমানো আপোন ঘৰখনলৈ যাব পৰা নাই বহু লোক ৷ বানৰ কবলত পৰি সৰ্ব্বস্বান্ত হোৱা কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত সকলক সহায়ৰৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যিক জমিয়ত উলেমা ৷
![Flood relief distributed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-relief-photo-10044_29062022174600_2906f_1656504960_600.jpg)
ৰাজ্যিক জমিয়ত উলেমাৰ হিন্দৰ সভাপতি মৌলানা মোস্তাক আনফৰৰ নিৰ্দেশ অনুসৰি, বুধবাৰে জিলাখনৰ বৃহত্তৰ মৌজাবাৰী এলেকাত বানাক্ৰান্ত পৰিয়ালক সাহাৰ্য প্ৰদান কৰে জিলা জমিয়তে (Flood relief distributed By State Jamiat Ulema in Kokrajhar) ৷ কোকৰাঝাৰ জিলা জমিয়তৰ সভাপতি হাজী মছলেম উদ্দিন আহমেদ আৰু উপসভাপতি চেকেন্দাৰ আলীয়ে মৌজাবাৰী ভাতৃ সংঘ ক্লাৱ প্ৰাংগনত উপস্থিত হৈ বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰীকে ধৰি অন্যান্য সাহাৰ্য বিতৰণ কৰা হয় ৷
লগতে পঢ়ক : আমিৰ খানে অসমৰ বানপীড়িতলৈ আগবঢ়ালে ২৫ লাখ
জিলা জমিয়তৰ সভাপতি মছলেম উদ্দিন আহমেদে জানিবলৈ দিয়া মতে, মৌজাবাৰী, হেকাইপাৰা, নয়াপাৰা, বাঘমাৰা আদি গাঁৱৰ শতাধিক পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰা হয় ৷ ইতিমধ্যে জমিয়ত উলেমাৰ তৰফৰ পৰা জিলাখনৰ ইন্দ্ৰাকলনি, জয়পুৰ, ভাটিপাৰা, মোকৰাপৰা আদি গাঁৱত বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰে জমিয়তৰ জিলা সভাপতিগৰাকীয়ে ৷
![Flood relief distributed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-relief-photo-10044_29062022174600_2906f_1656504960_353.jpg)
লগতে তেওঁ বৃহস্পতিবাৰেও জিলাখনৰ বিভিন্ন গাঁৱত বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰা বুলি হ’ব বুলি সদৰি কৰে ৷ উল্লেখ্য যে, মৌজাবাৰী, হেকাইপাৰা, নামাপাৰা, বাঘমাৰা আদি গাঁৱৰ কাষেৰে বৈ যোৱা গৌৰাং নৈৰ গৰাখহনীয়া আৰু বাঢ়নী পানীয়ে প্ৰতি বছৰে গাঁও কেইখনৰ বিস্তৰ ক্ষতিসাধন কৰে ৷
লগতে পঢ়ক : Flood at Gahpur : গহপুৰত বানৰ তাণ্ডৱ