ETV Bharat / state

40 লাখ বৃক্ষৰোপনৰে সেউজ বিটিচি গঢ়াৰ আহ্বান ৰাজ্যপালৰ

author img

By

Published : Jun 6, 2020, 2:07 AM IST

বিটিচিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৪০ লাখ গছপুলি ৰোপনৰে সেউজ বিটিচি গঢ়াৰ আহ্বান ৰাজ্যপালৰ ৷ কোকৰাঝাৰতো ৰাজ্যপালৰ আহ্বানক সহাৰিৰে বিটিচি সচিবালয়ৰ চৌহদত গছপুলি ৰোপনৰ শুভাৰম্ভ ৷

40 লাখ বৃক্ষৰোপনৰে সেউজ বিটিচি গঢ়াৰ আহ্বান ৰাজ্যপালৰ
40 লাখ বৃক্ষৰোপনৰে সেউজ বিটিচি গঢ়াৰ আহ্বান ৰাজ্যপালৰ

কোকৰাঝাৰ, 6 জুনঃ বিটিএডিৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সামৰি সৰ্ৱমুঠ ৪০ লাখ গছপুলি ৰোপনেৰে সেউজ বিটিচি গঢ়াৰ বাবে ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে জনোৱা আহ্বানক সঁহাৰি জনাই গছপুলি ৰোপনৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰে বিটিচিৰ বন আৰু পৰিৱেশ বিভাগে ৷

শুকুৰবাৰে বিটিচি সচিবালয়ৰ চৌহদত বিটিচিৰ বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত কোকৰাঝাৰ জিলাত গছপুলি ৰোপনৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ সচিবালয়ত গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে বিটিচিৰ অতিৰিক্ত মুখ্য সচিৱ জলী দাস ব্ৰক্ষই ৷ তাত উপস্থিত থাকে উপাযুক্ত ভাস্কৰ ফুকন , আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ লগতে বিটিচিৰ বন আৰু পৰিবেশ বিভাগৰ মূখ্য বিষয়া এ স্বৰ্গীয়াৰী ৷

আনপিনে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি চিৰাং জিলাৰ কাজলগাওস্থিত সশস্ত্ৰ সীমা বলৰ ১৫ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সজাগতাৰে অসম চৰকাৰৰ "হাৰিয়ালি" আঁচনিৰ গছপুলি ৰোপনৰে শুভাৰম্ভণি কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ মুখীয়ে গছপুলি ৰোপনৰ অন্তঃত বিটিএডিৰ চাৰিখন জিলাত দহ লাখকৈ মুঠ ৪০ লাখ গছপুলি ৰোপনেৰে সেউজ বিটিচি ২০২০ গঢ়াৰ আচনি লোৱা কথা সদৰি কৰে ৷

ইপিনে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অঞ্চলটোত ২০০ বিধ বিভিন্ন গছপুলি ৰোপনেৰে " প্ৰকৃতি উপসনা দিৱস" পালন কৰে উত্তৰ পূৰ্বোত্তৰ লোক কল্যাণ সমিতিয়ে ৷

লগতে পঢ়কঃ কান্ধত নাঙল লৈ পথাৰত নামিল মাজুলীৰ বিদ্যাৱতী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.