কোকৰাঝাৰ, 26 মাৰ্চঃলোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত ৷ আন ৰাজনৈতিক দলসমূহৰ দৰেই ইউ পি পি এল দলেওআৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ । ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা আৰম্ভ কৰিছে দলটোৱে । মঙলবাৰে কোকৰাঝাৰ চহৰৰ কদমতোলাত ইউপিপিএল দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই দলীয় পতাকা উত্তোলনেৰে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ইউপিপিএল দলৰ নিৰ্বাচনী সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক টিজেন্দ্ৰ বসুমতাৰীয়ে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি কোকৰাঝাৰ সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় যে, বড়ো- অবড়োৰ মাজত বিভেদ সৃষ্টি কৰি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে হাগ্ৰামাই ৷
আনহাতে হাগ্ৰামা মহিলাৰীয়ে এবছুৰ সভাপতি প্ৰমোদ বড়োক পাইকাৰী বুলি অভিহিত কৰা কাৰ্যক উভতি ধৰি প্ৰকৃততে বি পি এফ দলেহে পাইকাৰীৰ দৰে দৰদাম কৰে বুলি হাগ্ৰামাক কটাক্ষ উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷ এবাৰ কংগ্ৰেছ আৰু এবাৰ বিজেপিৰ সৈতে দৰদাম কৰি চলা বিপিএফ দলৰ কোনো ইচ্ছ্যু নাই বুলিও অভিযোগ কৰি ইউপিপিএল দলে বিটিচিৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে উৰ্খাও গৌৰা ব্ৰহ্মই ৷