কোকৰাঝাৰ, ২৯ নৱেম্বৰ : কোকৰাঝাৰ সদৰ চহৰৰ বিধানপল্লীত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তী (৭২) আৰু তেওঁৰ পত্নী তথা ডিএন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা বেনাৰ্জীক (৬৫) বুধবাৰে পুৱা দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত তপন চক্ৰৱৰ্তীয়ে কৰুণ মৃত্যুক সাৱটি লয় ৷ আনহাতে অতি সংকটজনক অৱস্থাত মধুমিতা বেনাৰ্জী চিকিৎসাধীন হৈ আছে ।
উল্লেখ্য যে, তপন চক্ৰৱৰ্তী আৰু মধুমিতা বেনাৰ্জীৰ পুত্ৰ বেংগালুৰুত আৰু জীয়ৰী আমেৰিকাত থকা সূত্ৰে দুয়োজনে বিধানপল্লীৰ নিজ ঘৰতে বসৱাস কৰি আহিছিল । বুধবাৰৰ ৰাতিপুৱা ৫:৩০ মান বজাত দুষ্কৃতিকাৰীয়ে চৌহদৰ বেৰ পাৰ হৈ তপন চক্ৰৱৰ্তীৰ ঘৰত প্ৰৱেশ কৰে আৰু দুয়োকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা স্বামী-স্ত্ৰীয়ে সহায়ৰ বাবে ভিতৰৰ পৰাই চিঞৰ-বাখৰ কৰে ।
মূলতঃ তপন চক্ৰৱৰ্তীৰ চিঞৰ শুনি প্ৰাতঃভ্ৰমণত অহা এজন প্ৰতিবেশী সহায়ৰ বাবে আগবাঢ়ি যায় । কিন্তু মূল দৰ্জাখন বন্ধ হৈ থকাত ভিতৰলৈ কেনেকৈ যাম বুলি তপন চক্ৰৱৰ্তীক সোধে । তেতিয়া তপন চক্ৰৱৰ্তীয়ে চৌহদৰ বেৰ পাৰ হৈ সোমাই আহি তেওঁলোকক উদ্ধাৰ কৰিবলৈ কাতৰ অনুৰোধ কৰাত প্ৰতিৱেশীজনে চৌহদৰ বেৰ পাৰ হৈ ভিতৰত প্ৰৱেশ কৰে আৰু দুয়োকে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে । তপন চক্ৰৱৰ্তীয়ে প্ৰতিৱেশীজনক গেটৰ চাবি দিয়ে আৰু প্ৰতিবেশীজনে গেট খুলি আন লোকৰ সহায় বিচাৰে । সেই সময়ত তপন চক্ৰৱৰ্তী কথা ক’ব পৰা অৱস্থাত আছিল আৰু তেওঁলোকক আক্ৰমণকাৰীয়ে দাৰে ঘপিয়ায় বুলি কয় । তাৰ অলপ সময় পিচতে তপন চক্ৰৱৰ্তীয়ে সংজ্ঞা হেৰুৱাই পেলায় ।
স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োকে চিকিৎসালয়লৈ লৈ যায় যদিও তপন চক্ৰৱৰ্তীয়ে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ নিয়া অৱস্থাতে ৰাস্তাত কৰুণ মৃত্যুক সাৱটি লয় । উক্ত ঘটনাই কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জনসাধাৰণৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । ইতিমধ্যে ঘটনাস্থলীত বিধায়ক লৰেঞ্চ ইছলাৰী, জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং উপস্থিত হৈছে । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু হত্যাকাণ্ডত ব্যৱহৃত হোৱা দাখন উদ্ধাৰ কৰিছে ।
আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে । প্ৰণিধানযোগ্য যে, হত্যাৰ বলি হোৱা তপন চক্ৰৱৰ্তীয়ে মৃত্যুৰ পূৰ্বে নাম লোৱা শম্ভূ কাহাৰ ওৰফে কাহাৰ শীলৰ প্ৰকৃত ঘৰ পশ্চিমবংগত বুলি জানিব পৰা গৈছে । কিছুদিন পূৰ্বে দোকান এখনত সংঘটিত হোৱা চুৰিকাণ্ডৰ সন্দৰ্ভতো শম্ভূ ওৰফে কাহাৰ শীল জড়িত থকাৰ অভিযোগ উঠিছিল । তপন চক্ৰৱৰ্তীৰ ঘৰত তেওঁ ৰং মিস্ত্ৰীৰ কাম কৰিছিল বুলি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে স্থানীয় ৰাইজৰ তথ্য অনুসৰি বক্তব্য প্ৰদান কৰিছে আৰু শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে । হত্যাকাৰীয়ে দুয়োকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ পিচত চৌহদৰ বেৰ পাৰ হৈ যোৱাও দুই-এজন প্ৰাতঃভ্ৰমণকাৰীয়ে প্ৰত্যক্ষ কৰিছে । তপন চক্ৰৱৰ্তীৰ হত্যাকাণ্ডক লৈ সদৰ চহৰখনত ব্যাপক প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে আৰু জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা কোকৰাঝাৰ আৰক্ষীৰ ভূমিকাক লৈ জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে ।
লগতে পঢ়ক : ৰাজপথতে প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি পলায়ন যুৱকৰ