ETV Bharat / state

বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে বিশেষ টেটৰ আয়োজন - শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

অতি শীঘ্ৰে বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে অনুষ্ঠিত হ'ব বিশেষ টেট ৷ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষক পদসমূহ পূৰণৰ বাবে অনুষ্ঠিত কৰা হ'ব বিশেষ টেট ৷ শনিবাৰে বিটিআৰত উপস্থিত হৈ এই কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷

special tet in btr
বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে বিশেষ টেটৰ আয়োজন
author img

By

Published : Jul 4, 2021, 10:19 AM IST

কোকৰাঝাৰ, 4 জুলাই: বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ খালী হৈ থকা শিক্ষক পদসমূহ পূৰণৰ বাবে অতি শীঘ্ৰে বিশেষ টেট অনুষ্ঠিত কৰা হ'ব ৷ এদিনীয়া ভ্ৰমণসূচী লৈ কোকৰাঝাৰত উপস্থিত হোৱা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰী কৰিছে ৷ বিটিআৰৰ বিভিন্ন শৈক্ষিক সমস্যাক লৈ শনিবাৰে বিটিআৰ পৰিষদীয় চৰকাৰ আৰু বিভিন্ন দল-সংগঠনৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে ৷

বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে বিশেষ টেটৰ আয়োজন

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অধ্যক্ষতাত বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত বিটিআৰ প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), বড়ো সাহিত্য সভা(বিএছএছ) আৰু সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ শনিবাৰৰ বৈঠকখনত সামগ্ৰিকভাৱে বিটিআৰ অঞ্চলৰ শৈক্ষিক সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় ৷

শিক্ষামন্ত্ৰীগৰাকীয়ে বড়ো মাধ্যমৰ বিদ্যালয়ৰ পূৰ্বৰ সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰি এক আদৰ্শ গঢ়ি তোলাৰ বাবে তেওঁ কাম কৰি যাব বুলি মন্তব্য কৰে ৷ অসম ন্যায়িক সেৱাৰ পৰীক্ষাত বড়ো ভাষাৰ অন্তৰ্ভুক্তি সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত শিক্ষামন্ত্ৰী ড৹ পেগুৱে বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হোৱা বুলি সদৰী কৰি এই বিষয়ত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

উল্লেখ্য যে, উক্ত বৈঠকৰ পাচতে শিক্ষামন্ত্ৰী পেগুৱে বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু কোকৰাঝাৰ চিআইটি কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হয় ৷ কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছ পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দৰ সৈতেও শিক্ষামন্ত্ৰীগৰাকী এক বৈঠকত মিলিত হয় ৷

লগতে পঢ়ক: বড়ো মাধ্যমৰ শিক্ষাৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.