ETV Bharat / state

Demand for separate Bodoland: পৃথক বড়োলেণ্ড গঠনৰ দাবী বনছুৰ

author img

By

Published : Jan 19, 2023, 9:13 PM IST

পুনৰ পৃথক বড়োলেণ্ডৰ দাবীত সৰৱ বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছু ৷ বিএচি, বিটিচি আৰু বিটিআৰ চুক্তিয়ে বড়োসকলৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱাৰ দাবী বনছুৰ ৷ সেয়ে দেশত বৰ্তমান সৰু সৰু ৰাজ্য গঠনৰ যি প্ৰক্ৰিয়া চলি আছে, সেই একে প্ৰক্ৰিয়াৰে পৃথক বড়োলেণ্ড গঠনৰ বিষয়টো বিবেচনা কৰাৰ বাবে আহ্বান ছাত্ৰ সংগঠনটোৰ(Demand for separate Bodoland by BoNSU) ৷

Demand for separate Bodoland
বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৰ সংবাদমেল

কোকৰাঝাৰ, ১৯ জানুৱাৰী: প্ৰস্তাৱিত কমতাপুৰৰ বিষয়টো লৈ তীব্ৰ উৎকণ্ঠা আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ পৃথক বড়োলেণ্ডৰ দাবীত সৰৱ হৈ উঠিল বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছু ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে সন্ধিয়া এক সংবাদমেল আয়োজন কৰি বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৱে পৃথক বড়োলেণ্ডৰ দাবী সজোৰে উত্থাপন কৰে(Demand for separate Bodoland by BoNSU) ৷

বনছুৰ সহকাৰী সাধাৰণ সম্পাদক হেমচন্দ্ৰ ব্ৰহ্মই সংবাদমেলখন সম্বোধন কৰি দেশত বৰ্তমান সৰু সৰু ৰাজ্য গঠনৰ যি প্ৰক্ৰিয়া চলি আছে, সেই একে প্ৰক্ৰিয়াৰে পৃথক বড়োলেণ্ড গঠনৰ বিষয়টো চৰ্চা কৰাৰ বাবে আহ্বান জনায় ৷ পৃথক বড়োলেণ্ড বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী বুলি মন্তব্য কৰি বনছুৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে সুদীৰ্ঘ ৬০ বছৰ ধৰি বড়োসকলে পৃথক বড়োলেণ্ডৰ দাবী জনাই আহিছে ৷

বনছুৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে বিএচি, বিটিচি আৰু বিটিআৰ চুক্তিয়ে বড়োসকলৰ সমস্যা সমাধান কৰিব পৰা নাই বুলি উল্লেখ কৰি পৃথক বড়োলেণ্ড গঠন কৰি বড়োসকলৰ সমস্যা সমাধান কৰাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ পৃথক বড়োলেণ্ডৰ দাবীত বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৱে গণতান্ত্ৰিকভাৱে আন্দোলন চলাই যাব বুলি উল্লেখ কৰি তেওঁ বিষয়টো সন্দৰ্ভত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ ৰাজ্যপাললৈ আজি এক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Jiban Singha come into mainstream : জীৱন সিংহৰ তোলনীয়া পুত্ৰৰ বিস্ফোৰণ !

ইপিনে 28 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেচন চমুকৈ কে এল অ’ৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহসহ সংগঠনটোৰ কেডাৰসকল মূলসুঁতিলৈ ঘূৰি অহা কাৰ্যক আদৰণি জনায়(KLO Chief Jiban Singha comes to peace talk) বনছুৰ সহকাৰী সাধাৰণ সম্পাদক হেমচন্দ্ৰ ব্ৰহ্মই ৷ কমতাপুৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বনছুৰ নেতাগৰাকীয়ে কয় যে বড়োলেণ্ড এলেকাক বাদ দি প্ৰস্তাৱিত কমতাপুৰ গঠন হোৱাত বনছুৰ কোনো আপত্তি নাই ৷ যদি কমতাপুৰ গঠন হয় তেন্তে বড়োলেণ্ড সোনকালে গঠন হ’ব লাগে ৷

সোণকোষ পৰা শদিয়ালৈ প্ৰস্তাৱিত বড়োলেণ্ডৰ মানচিত্ৰৰ আধাৰত পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় বনছুৰ সহকাৰী সাধাৰণ সম্পাদক হেমচন্দ্ৰ ব্ৰহ্মই(Bodos again raise Bodoland state demand) ৷ সংবাদমেলত বনছুৰ জিলা মুখপাত্ৰ জৌনখাং বসুমতাৰীসহ ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক: KLO peace agreement: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.