ETV Bharat / state

কোকৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল মুখ্যমন্ত্ৰীৰ - কোকঝাৰৰ দুই নাবালিকা ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে

কোকৰাঝাৰৰ অভয়াকুটিত সংঘটিত হোৱা দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ অৱশেষত ৰহস্যভেদ হ’ল ৷ নাবালিকা দুগৰাকী ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল বুলি টুইটত প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ ঘটনাৰ বিচাৰ ফাৰ্ষ্ট্ৰট্ৰেক আদালতত কৰিবলৈ দাবী ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ ৷

death mystery of two minor sisters of cousin is revealed by cm
কোকঝাৰৰ দুই নাবালিকা ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে
author img

By

Published : Jun 15, 2021, 1:06 PM IST

কোকৰাঝাৰ, ১৫ জুন : ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কোকৰাঝাৰৰ অভয়াকুটিত সংঘটিত হোৱা ঘটনাৰ অৱশেষত ৰহস্যভেদ হৈছে । যোৱা 11 জুনত কোকৰাঝাৰ থানাৰ অভয়াকুটিত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma) ই এক টুইটযোগে উক্ত ঘটনাটো ধৰ্ষণ আৰু হত্যা বুলি অভিহিত কৰিছে ৷ লগতে এই সন্দৰ্ভত বিটিআৰৰ আইজিপি ড৹ এল আৰ বিষ্ণৈইয়ে(IGP BTR Dr LR Bishnoi) তেওঁক অৱগত কৰা বুলি সদৰী কৰিছে ।

  • The rape and murder of two minor tribal Girls have been been solved. @lrbishnoiassam , IGP,BTR called me to inform about the outcome of the investigation. I have visited their residence on Sunday. Feeling extremely a sense of satisfaction that the Culprits have been identified

    — Himanta Biswa Sarma (@himantabiswa) June 14, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়াকৈ দুই সম্পৰ্কীয় ভগ্নীয়ে একেডাল গছতে চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ঘটনাস্থলীত বিগত 13 জুনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ অতি শীঘ্ৰে প্ৰকৃত ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল । পৰৱৰ্তী সময়ত কোকৰাঝাৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে 7 জনকৈ লোকক এই ঘটনাৰ সৈতে জড়িত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পিছতে মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নাবালিকা দুগৰাকী ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা বুলি টুইট কৰে ।

ইপিনে পূৱ কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী(MLA Lawrence Islari) য়ে এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তদুপৰি গোচৰটো ফাৰ্ষ্ট্ৰ ট্ৰেক আদালতত বিচাৰ কৰি হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰিছে বিধায়কগৰাকীয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উক্ত ঘটনা সন্দৰ্ভত দেখুওৱা সদিচ্ছাক কৃতজ্ঞতা জ্ঞাপন কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যক শলাগ লয় ৷

কোকঝাৰৰ দুই নাবালিকা ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে

লগতে পঢ়ক : এহাজাৰ কৰবী ফুলে নিৰ্মূল কৰিব কৰ’ণা ভাইৰাছ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.