ETV Bharat / state

ফকিৰাগ্ৰামত অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি

ফকিৰাগ্ৰামত ভয়ানক  অগ্নিকাণ্ড সংঘটিত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত ।

ফকিৰাগ্ৰামত  অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সা - সম্পত্তি

author img

By

Published : Oct 11, 2020, 5:16 PM IST

কোকৰাঝাৰৰ, ১১ অক্টোবৰ : কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম চহৰত দেওবাৰে পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ফকিৰাগ্ৰামৰ পাচলি বজাৰত সংঘটিত হোৱাৰ ফলত পাচলি বজাৰৰ কেইবাখনো দোকান ভষ্মীভূত হয় আৰু কেইবা লক্ষাধিক টকাৰ সা- সম্পত্তি জাহ যায় । বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অনুমান কৰিছে স্থানীয় ৰাইজে ।

ফকিৰাগ্ৰামত  অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সা - সম্পত্তি
ফকিৰাগ্ৰামত অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সা - সম্পত্তি
ইফালে কোকৰাঝাৰ জিলা আৰু ধুবুৰীৰ ছখনকৈ অগ্নি নিৰ্বাপক বাহনেৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । অগ্নিকান্ত হোৱা অঞ্চলটো নিশাৰ ভাগতে পৰিদৰ্শন কৰে কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকন, কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাকেছ ৰৌচনৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । আনফালে, ফকিৰাগ্ৰাম চহৰত অগ্নিনিৰ্বাপক কাৰ্যালয় স্থাপন নকৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফকিৰাগ্ৰাম বাসী ৰাইজে । অতি শীঘ্ৰে এটা অগ্নিনিৰ্বাপক কাৰ্যালয় স্থাপন কৰাৰ দাবী তুলিছে ৰাইজে ।

লগতে পঢ়ক : আঞ্চলিক দল সমূহলৈ অপেক্ষা কৰিব কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.