ETV Bharat / state

কোকৰাঝাৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া - কৰ'ণা মহামাৰী

কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় আৰু বালাজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলিছে COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ প্ৰথম পৰ্যায়ত চিকিৎসকসহ মুঠ ১০০ গৰাকী স্বাস্থ্য কৰ্মীক প্ৰদান কৰা হ'ব COVID-১৯ৰ প্ৰতিষেধক ৷

কোকৰাঝাৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : Jan 16, 2021, 4:06 PM IST

কোকৰাঝাৰ,১৬ জানুৱাৰী: চীনৰ য়ুহানত আৰম্ভ হোৱা কৰ'ণা মহামাৰীয়ে ভয়াৱহ বিপদ মাতি অনাৰ পিছত অৱশেষত আজিৰে পৰা দেশত আৰম্ভ হোৱা টীকাকৰণ প্ৰক্ৰিয়াই সকাহ দিছে দেশবাসীক ।

কোকৰাঝাৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ
কোকৰাঝাৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ

দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ ৩৩ খন জিলাৰ ৬৫টা স্থানত শনিবাৰৰ পৰা COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় আৰু বালাজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শনিবাৰে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ৷ কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত প্ৰথমে প্ৰতিষেধক গ্ৰহণ কৰে চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক তথা চৰ্মৰোগ বিশেষজ্ঞ ডা° পি কে দলেই ৷

ইয়াৰ পিছতে পৰ্যায়ক্ৰমে চিকিৎসালয়খনৰ কেইবাগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷

আনহাতে, প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত উপস্থিত থকা জিলা উপায়ুক্ত ভাস্কৰ ফুকনে COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত চৰকাৰ তথা স্বাস্থ্য বিভাগক সহযোগ কৰিবলৈ আৰু প্ৰতিষেধকক লৈ শংকিত নহ'বলৈ সাধাৰণ ৰাইজক আহ্বান জনায় ৷

চিকিৎসালয়খনৰ অধীক্ষক ডা° এ এছ শৰ্মাই সাংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ মুঠ ২৭০ গৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হ'ব আৰু ইয়াৰে প্ৰথম পৰ্যায়ত ১০০ গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷

ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়, বালাজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উপৰিও জিলাখনৰ কচুগাঁও স্বাস্থ্য কেন্দ্ৰতো টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি জনাইছে অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:ন্যায়ৰ দাবীত লংকাত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সত্যৰঞ্জন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.