ETV Bharat / state

কৰ'ণা ভাইৰাছ সম্পৰ্কত কোকৰাঝাৰ আৰক্ষীৰ সজাগতা সভা আৰু খাদ্য বিতৰণ - জনসেৱাৰ উৎকৃষ্ঠ নিদৰ্শন

কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত ক'ৰণা ভাইৰাছৰ সজাগতাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰক্ষীয়ে ৷ এই অভিযান চলাই কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মা আৰু উপ আৰক্ষী অধীক্ষক অমল ৰাজবংশীয়ে ৷

কৰ'ণা ভাইৰাছ
কোকৰাঝাৰ আৰক্ষীৰ সজাগতা সভা আৰু খাদ্য বিতৰণ
author img

By

Published : Apr 8, 2020, 8:49 PM IST

কোকৰাঝাৰ, ৮ এপ্ৰিল : ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত জনসেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মা আৰু উপ আৰক্ষী অধীক্ষক অমল ৰাজবংশীয়ে ৷ ক'ৰণা ভাইৰাছ সম্পৰ্কত সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলোৱাৰ লগতে নিজৰ সঞ্চিত ধনেৰে দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে আৰক্ষী বিষয়া দুজনে ৷

কোকৰাঝাৰ আৰক্ষীৰ সজাগতা সভা আৰু খাদ্য বিতৰণ

সজাগতামূলক অভিযানৰ অংশস্বৰূপে জনসাধাৰণৰ মাজত প্ৰচাৰ পত্ৰিকা আৰু মাস্ক বিতৰণ কৰে দুই আৰক্ষী বিষয়াই ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মাই এই সম্পৰ্কত জানিবলৈ দিয়ে যে, সাধাৰণতে তেওঁলোক আইন-শৃংখলাৰ দায়িত্বত থাকে যদিও জনসাধাৰণৰ প্ৰতিও তেওঁলোক দায়বদ্ধ ৷ সেয়েহে, দৰমহাৰ ধনেৰে প্ৰতিখন থানা এলেকাতে অসম আৰক্ষীয়ে দুখীয়া লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী হাতত লৈছে বুলি মন্তব্য় কৰে শৰ্মাই ৷

ইয়াৰোপৰি, আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য় কৰে যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি কৰিবৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰিছে আৰু সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে হাত চাবোনেৰে পৰিস্কাৰ কৰি ৰাখিব লাগে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.