কোকৰাঝাৰ,২ জুলাই: শুকুৰবাৰে ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল BTR সদৰ কোকৰাঝাৰ চহৰ(Protest in Kokrajhar) ৷ BTR অঞ্চলৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ বকেয়া মাহেকীয়া ভাট্টা আদায় দিয়া, অতিৰিক্ত ৫০০ টকা আদায় দিয়া আৰু ৰন্ধন কৰ্মীক অৱসৰৰ সময়ত এককালীন তিনি লাখ টকা আদায় দিয়াকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি ৰন্ধন কৰ্মী সকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কোকৰাঝাৰ চহৰৰ BTR শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যলয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷
BTR ৰ পাঁচখন জিলাৰ কেইবাশতাধিক ৰন্ধন কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি BTR পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে ভিন্ন শ্লোগানেৰে কঁপাই তোলে শিক্ষা বিভাগটোৰ সঞ্চালকৰ কাৰ্যালয় চৌহদ । প্ৰায় দুই ঘণ্টা ধৰি চলা ধৰ্ণা কাৰ্যসূচীৰ সময়ছোৱাত শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখৰ পথটোৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ৷ তদুপৰি ধৰ্ণা কাৰ্যসূচীৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে শিক্ষা সঞ্চালকৰ কাৰ্যালয় ঘেৰি ধৰাত প্ৰায় দুঘণ্টা ধৰি কাৰ্যালয়ৰ ভিতৰত প্ৰবেশ আৰু প্ৰস্থানত ব্যাপক অসুবিধাৰ সৃষ্টি হয় ৷
ইফালে ধৰ্ণা কাৰ্যসূচীৰ অন্তত BTR মধ্যাহ্ন ভোজন সন্থাৰ নেতৃবৰ্গই শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ জৰিয়তে BTR ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে(Protesters send memorandum to BTR CE Pramod Bodo) ৷ স্মাৰকপত্ৰৰ জৰিয়তে সন্থাই ন্যূনতম মজুৰি আইনমতে প্ৰতিগৰাকী ৰন্ধন কৰ্মীক মাহিলী ৯২৪৬ টকা মাননি দিয়া, অৱসৰৰ সময়ত ৰন্ধন কৰ্মীক এক কালীন তিনি লাখ টকা আদায় দিয়াৰ লগতে মাহিলী তিনিহেজাৰ কৈ পেঞ্চন আদায় দিয়া, BTR তথা সমগ্ৰ ৰাজ্যত ৰন্ধন কাৰ্যত NGOৰ প্ৰবেশ নিষিদ্ধ কৰা, কৰ্তব্যৰত অৱস্থাত আহত হোৱা ৰন্ধন কৰ্মীক তিনি লাখৰলৈকে চিকিৎসা সুবিধা আৰু মৃত্যুৰ ক্ষেত্ৰত পৰিয়ালক পাঁচলাখ টকা আদায় দিয়াকে ধৰি কেইবাদফীয়া দাবী উত্থাপন কৰে ৷
উল্লেখ্য যে, BTR মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সভানেত্ৰী চন্দ্ৰাৱতী বসুমতাৰী আৰু সম্পাদিকা ভনীতা পাঠকে নেতৃত্ব দিয়া এই ধৰ্ণা কাৰ্যসূচীত সন্থাৰ উপদেষ্টা সন্তোষ গুহ আৰু সন্থাৰ প্ৰতিখন জিলা সমিতিৰ নেতৃবৃন্দ উপস্থিত থাকে ৷ দাবীসমূহ অতিশীঘ্ৰে পূৰণ নকৰিলে ইয়াতকৈ অধিক ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: Kokrajhar District Day: কোকৰাঝাৰ জিলা দিৱস উদযাপন