ETV Bharat / state

কোকৰাঝাৰত গাঁওবুঢ়া সন্থাৰ তৃতীয় পঞ্চম-বাৰ্ষিক অধিবেশন আৰম্ভ - কাৰ্যকৰী কমিটী

কোকৰাঝাৰত তৃতীয় পঞ্চম-বাৰ্ষিক অধিবেশনখন আৰম্ভ ৷ খাৰগাওঁস্থিত সন্থাৰ মুখ্য কাৰ্যালয় প্ৰাংগণত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গাওঁবুঢ়া সন্থাৰ এই অধিবেশন । অধিবেশনত বিটিচিৰ চাৰিখন জিলাৰ পৰা সহস্ৰাধিক গাঁওবুঢ়াই অংশগ্ৰহণ কৰে ।

commencement-of-the-3rd-5th-annual-session-of-gaonburha-at-kokrajhar
কোকৰাঝাৰত গাঁওবুঢ়া সন্থাৰ তৃতীয় পঞ্চম-বাৰ্ষিক অধিবেশন আৰম্ভ
author img

By

Published : Jan 5, 2021, 8:57 PM IST

কোকৰাঝাৰ, 5 জানুৱাৰী : বিটিএডি গাঁওবুঢ়া সন্থাৰ তৃতীয় পঞ্চম-বাৰ্ষিক অধিবেশনখন মঙলবাৰৰ পৰা কোকৰাঝাৰত আৰম্ভ হৈছে ৷ কোকৰাঝাৰৰ খাৰগাঁওস্থিত সন্থাৰ মুখ্য কাৰ্যালয় প্ৰাংগনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গাঁওবুঢ়া সন্থাৰ এই অধিবেশন । অধিবেশনত বিটিচিৰ চাৰিখন জিলাৰ পৰা সহস্ৰাধিক গাঁওবুঢ়াই অংশগ্ৰহণ কৰে ।

commencement-of-the-3rd-5th-annual-session-of-gaonburha-at-kokrajhar
কোকৰাঝাৰত গাঁওবুঢ়া সন্থাৰ তৃতীয় পঞ্চম-বাৰ্ষিক অধিবেশন আৰম্ভ

অধিবেশনথলীৰ মুখ্য দ্বাৰ উদ্বোধনেৰে অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক বসন্ত নাৰ্জাৰী ৷ ইয়াৰ পিচত মুখ্য সভাথলী উদ্বোধন কৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধনঞ্জয় ব্ৰহ্মই আৰু সাধাৰণ সম্পাদক ৰবাৰ্ট কেৰকাতাই আৰু ভোজনালয় উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ আহ্বায়ক ৰ্বিহাং মুছাহাৰীয়ে । দুপৰীয়া এক বজাৰ পৰা গাঁওবুঢ়া সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু সন্ধিয়া 6 বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷

লগতে পঢ়ক : কেম্প ফায়াৰৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ

বিটিএডি গাঁওবুঢ়া সন্থাৰ সাধাৰণ সম্পাদক ৰবাৰ্ট কেৰকাতাাই ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত কয় যে, অতীতৰ পৰাই গাঁওবুঢ়া সকলে সমাজৰ শান্তি-সম্প্ৰীতি আৰু ঐক্যৰ বাবে কাম কৰি আহিছে । শেহতীয়াকৈ ৰাজ্য চৰকাৰে কোকৰাঝাৰ জিলাত 317 আৰু চিৰাঙত 172 জন গাঁওবুঢ়াক নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে বৰ্তমান গাঁওবুঢ়া হিচাপে কাম কৰি থকা গাঁওবুঢ়া সকলোকহে নিযুক্তি পত্ৰ দিব লাগে বুলি চৰকাৰক দাবী জনায় ৷ বাকী থকা গাঁওবুঢ়া সকলৰ ক্ষেত্ৰত বিটিচি চৰকাৰক পদক্ষেপ ল'বলৈ আহ্বান জনাই সম্পাদক গৰাকীয়ে কোকৰাঝাৰ চহৰৰ তিতাগুৰীৰ পৰা ৰেলৱে ক্ৰচিং লৈকে থকা পথটো গাঁওবুঢ়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত গোপাল চন্দ্ৰ বসুমতাৰী নামত নামাকৰণ কৰাৰ দাবী জনায় ।

আনহাতে,গাঁৱৰ উন্নয়নমূলক কামকাজ বাছনি আৰু ৰূপায়ণৰ ক্ষেত্ৰত গাঁওবুঢ়া সকলক চামিল কৰিব লাগে বুলিও মন্তব্য কৰে সন্থাৰ সাধাৰণ সম্পাদক ৰবাৰ্ট কেৰকাতাই ৷ উল্লেখ্য যে,অধিবেশনৰ আজি অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি সভাৰ জৰিয়তে সন্থাৰ আগন্তুক পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ কাৰ্যকৰী কমিটী গঠন কৰা হ'ব ৷

লগতে পঢ়ক : চাবুৱাত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.