কোকৰাঝাৰ,১০ ছেপ্টেম্বৰ: কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী ভোটগাঁৱৰ মোক্ৰাপাৰাত শনিবাৰে পুৱা উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ(Deadbody recover in Kokrajhar) ৷ ঘৰৰ পিছফালৰ পুখুৰীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহটো মোক্ৰাপাৰা গাঁৱৰ দীপজ্যোতি ৰায় আৰু কুঞ্জলতা ৰায়ৰ ৯ বছৰীয়া পুত্ৰ দেৱৰাজ ৰায় বুলি চিনাক্ত কৰা হৈছে(Child deadbody recover in pond) ৷ ভোটগাঁৱ সমন্বয় বিদ্যাপীঠৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল দেৱৰাজ ৷
কোকৰাঝাৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি শিশুটি শুকুৰবাৰে বিয়লিৰে পৰা সন্ধানহীন হৈ আছিল শিশুটি ৷ শুকুৰবাৰে বিয়লি বিদ্যালয়ৰ পৰা অহাৰ কিছু সময়ৰ পাছতে শিশুটি নিৰুদ্দেশ হৈ পৰে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । তাৰ পাছতেই শনিবাৰে পুৱা ঘৰৰ পাছফালৰ পুখুৰীত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ(Child deadbody recover) ।
জানিব পৰা মতে দেৱৰাজৰ মাতৃ কুঞ্জলতা ৰায় এক জটিল ৰোগত আক্ৰান্ত হৈ কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে পিতৃ সূদুৰ কেৰেলাত কৰ্মৰত ৷ আইতাকৰ সৈতে থকাৰ সময়তে সংঘটিত হয় উক্ত ঘটনা । উল্লেখ্য যে,অতি দৰিদ্ৰ দীপজ্যোতি ৰায় আৰু কুঞ্জলতা ৰায়ৰ একমাত্ৰ পুত্ৰ আছিল দেৱৰাজ ৰায় ৷ উক্ত ঘটনাই সমগ্ৰ ভোটগাঁও তথা মোক্ৰাপাৰা অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক: টিংখাঙত সমুখ সমৰত আৰক্ষী বনাম আৰক্ষী