কোকৰাঝাৰ, 7 ছেপ্তেম্বৰ : কোকৰাঝাৰ জিলাৰ অভয়াকুটিত সংঘটিত হোৱা দুই নাবালিকাৰ লোমহৰ্ষক হত্যাকাণ্ড(Murder) ৰ অৱশেষত সোমবাৰে আদালতত 850 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে ৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলযোগে বিটিআৰৰ(BTR) অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণৈয়ে(L R Bishnoi) এই কথা সদৰী কৰে ৷

তেওঁ কয় যে, এছ আই টি(SIT) টীমে ঘটনা সন্দৰ্ভত ক্ষীপ্ৰগতিৰে তদন্ত অব্যাহত ৰাখিছে ৷ সকলো বিষয় সাঙুৰি আদালতত চুড়ান্ত অভিযোগনামা দাখিল কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে(Kokrajhar Police) । মুল অভিযুক্ত ক্ৰমে- শালবাৰীৰ মুজাম্মেল শ্বেখ(20), নছিবুল আলী শ্বেখ(19) আৰু ফৰিজুল ৰহমান(22)ৰ বিৰুদ্ধে এইৰ অভিযোগনামা দাখিল কৰাৰ পাচত আইনমতে তেওঁলোকৰ শাস্তি হ’ব বুলি আশ্বাস দিয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷
লগতে পঢ়ক: কোকৰাঝাৰ হত্যাকাণ্ড সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে?
তদুপৰি সোমবাৰৰ পৰা আদালতৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ বাবে গোচৰটোৰ ফাৰ্ষ্টট্ৰেক আদালতত বিচাৰ হ’ব বুলিও আশা প্ৰকাশ কৰিছে ড৹ এল আৰ বিষ্ণৈয়ে । তদন্তকালত আৰক্ষীয়ে বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অভিজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা 12 টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কিশোৰী দুগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰিছিল ৷ য’ত নাবালিকা দুগৰাকীক ধৰ্ষণ(Rape) কৰি হত্যা কৰা বুলি প্ৰমাণিত হৈছিল ।

উক্ত সংবাদমেলত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বসুমতাৰী ।
আৰক্ষীয়ে অভিযোগনামাৰ লগতে ঘটনাস্থলীৰ ট্ৰেচ মেপ পৰ্যন্তও দাখিল কৰে । ঘটনাৰ কোনো ধৰণৰ সুৰুঙা নৰখাকৈ প্ৰায় তিনি মাহৰ অন্তত আদালতত অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ধৰ্ষণৰ বলি হোৱা নাবালিকাদ্বয়ে পৰিয়ালক সমগ্ৰ ঘটনা সম্পৰ্কে অৱগত কৰাৰ ভাবুকি দিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত তিনি মূল অভিযুক্তই তাৎক্ষণিকভাৱে নাবালিকা দুগৰাকীক হত্যা কৰে ৷ সমগ্ৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ মৃত নাবালিকা দুগৰাকীৰ ডিঙিত ওৰণি আঁৰি আমগছত ওলোমাই ৰাখিছিল বুলিও তিনি অভিযুক্তই স্বীকাৰ কৰিছিল ৷
বিগত 11 জুনত দুই নাবালিকাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পাচতে ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ । প্ৰথমে ধৰ্ষণ তাৰপাচত হত্যা বুলি প্ৰাথমিক তদন্তত ওলাই পৰাত 12 জুনত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ অধ্যক্ষতাত এটি এছ আই টি টীম গঠন কৰা হয় আৰু তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়া হয় ৷
লগতে পঢ়ক: আৰক্ষীয়ে কিয় গুলীয়ালে কোকৰাঝাৰ হত্যাকাণ্ডৰ অভিযুক্তক ?