ETV Bharat / state

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী : প্ৰমোদ বড়ো - লোকসভা নিৰ্বাচন

BTR Chief Pramod Boro: প্ৰয়াত বসন্ত কুমাৰ বসুমতাৰীৰ নামেৰ পথ উদ্বোধন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছসহ আন কোনো দল এনডিএৰ আগত তিষ্ঠি থাকিব নোৱাৰে বুলি মন্তব্য প্ৰমোদ বড়োৰ ৷

CEM Of BTC Pramod Boro
কোকৰাঝাৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 5:04 PM IST

বসন্ত কুমাৰ বসুমতাৰীৰ নামেৰ পথ উদ্বোধন বিটিআৰ প্ৰধানৰ

কোকৰাঝাৰ, 27 ডিচেম্বৰ : বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ কদমতোলাত বুধবাৰে 2008 চনত আততায়ীৰ গুলীত নিহত হোৱা কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা প্ৰয়াত বসন্ত কুমাৰ বসুমতাৰীৰ নামেৰে নিৰ্মিত এটি আৰচিচি পথৰ উদ্বোধন কৰা হয় ৷ পথটিৰ শুভ উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে |

ইফালে পথ উদ্বোধনী কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰ আগত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনত এনডিএৰ সমুখত কংগ্ৰেছসহ কোনো দল তিষ্ঠি থাকিব নোৱাৰে বুলি মন্তব্য কৰে ৷ লগতে নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত বুলি দাবী কৰে প্ৰমোদ বড়োৱে ৷ লগতে অসমত কংগ্ৰেছ দলে ধুবুৰী জিলাৰ চাপৰৰ পৰা যি এক নতুন ৰাজনৈতিক কুচ-কাৱাজ আৰম্ভ কৰিছে তাক কটাক্ষ কৰি তেওঁ চাপৰেই তেওঁলোকে দলৰ ভেটি ভাবি লয় বুলি মন্তব্য কৰে ৷ লগতে এই কাৰ্যসূচীৰ বাবে কংগ্ৰেছক শুভেচ্ছা দিয়ে নেতাজনে ৷

আনহাতে আলফা-চৰকাৰৰ প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াক আদৰণি জনাই আলফা (স্বা) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো চৰকাৰৰ সতে আলাপ-আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ বাবে আহ্বান জনায় প্ৰমোদ বড়োৱে ৷

উল্লেখ্য যে 28 ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিআৰ পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ’বলগীয়া অধিবেশনৰ সময়ছোৱাত বিটিআৰ অঞ্চলৰ শিশু সকলৰ বিভিন্ন সমস্যাৰ লগতে গ্ৰীণ বড়োলেণ্ড মিছনৰ ওপৰত আলোচনা কৰা হ’ব বুলিও প্ৰমোদ বড়োৱে সদৰী কৰে ৷ আজিৰ পথ উদ্বোধনী কাৰ্যসূচীত বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো , বিধায়ক লৰেন্স ইছলাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

লগতে পঢ়ক : দিল্লীলৈ ৰাওনা হ’ল আলোচনাপন্থী আলফাৰ 16 জনীয়া দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.