কোৰৰাঝাৰ, 11 ছেপ্তেম্বৰ: কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই এখন গৰুৰ পোৱালি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে ৷ UP-15 E-2341 নম্বৰৰ জব্দকৃত ট্ৰাক খনত 64 টাকৈ গৰু কঢ়িয়াই অনা হৈছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰীয়ে গোপন তথ্যৰ ভিত্তিত তালাচী চলাই গৰু কঢ়িয়াই অনা ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত ট্ৰাক খনৰ সৈতে আটক হোৱা লোক দুজন কলগাছিয়াৰ মহিদুল ইছলাম (৩২) আৰু উত্তৰ প্ৰদেশৰ মেৰটৰ ফৰমান খান (২৪) বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আটকাধীন দুয়োজন লোককে আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে ৬৪ টা গৰুৰ পোৱালিৰ জাকৰ মাজৰ 3 টা গৰুৰ মৃত্যু হোৱাৰ লগতে, কেইবাটাও পোৱালি অসুস্থ হৈ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ